সাক্ষী হৈ ৰ'ল বিশ্ববাসী! ফিফা বিশ্বকাপত জয় লাভ আৰ্জেন্টিনাৰ

ফুটবল বিশ্বকাপৰ সোণালী ট্রফীত চুম্বন মেছি বাহিনীৰ।

author-image
Asomiya Pratidin
New Update
সাক্ষী হৈ ৰ'ল বিশ্ববাসী! ফিফা বিশ্বকাপত জয় লাভ আৰ্জেন্টিনাৰ

ডিজিটেলে ডেস্ক: অপেক্ষাৰ অন্ত। ফুটবল বিশ্বকাপৰ সোণালী ট্রফীত চুম্বন মেছি বাহিনীৰ।অৱশেষত ফিফা বিশ্ব কাপ ২০২২ ৰ খিতাপ দখল কৰিবলৈ সক্ষম হ'ল আৰ্জেন্টিনা। দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বকাপত জয়লাভ কৰিলে মেছি বাহিনীয়ে ।৪-২ গ’লৰ ব্যৱধানত জয়ী আৰ্জেণ্টিনা। তৃতীয় বাৰৰ বাবে বিশ্বকাপ জয় কৰিলে মাৰাডোনাৰ দেশে।

Advertisment

 বিশ্বৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীয়ে বিচাৰিছিল আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিম খন খেলত অন্তত: বিশ্বকাপৰ ট্ৰ'ফীটো দাঙি ধৰক মেছিয়ে । সেই আশা পূৰ্ণ হ’ল। যি ফুটবলক অতবৰ্ষৰ পৰা মেছিয়ে দিলে নিজৰ সৰ্বস্ব । সেই ফুটবলৰ পৰা মেছিয়ে বিদায় ক্ষণত মেছি বাহিনীয়ে জয় কৰিলে বিশ্বকাপ।

আজিৰ এই বিশ্বকাপৰ সাক্ষী হৈ ৰ'ল বিশ্ববাসী। মেছী বাহিনীয়ে দিলে জয়ৰ অন্য এক সোৱাদ। ফ্ৰান্সৰ দুৰ্দান্ত ডিফেণ্ডাৰে ৰুধিব নোৱাৰিলে আৰ্জেন্টিনাক।

আৰু পঢ়ক: আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ দুই গুৰু শিষ্যই

fifa world cup lionel messi argentina