Advertisment

মধুপুৰত বনৰীয়া হাতী আৰু ম'হৰ উপদ্ৰৱত দিশহাৰা কৃষক : খবৰ নাই বন বিভাগৰ

বনৰীয়া হাতী আৰু ম'হৰ তাণ্ডৱত এতিয়া ত্ৰস্তমান ডিব্ৰুগড়ৰ মধুপুৰবাসী । ডিব্ৰুগড় জিলাৰ মধুপুৰ দেউৰী গাঁ‌ৱত কৃষক ৰাইজৰ নিদ্ৰা হৰিছে বনৰীয়া হাতী আৰু ম'হে ।

author-image
Asomiya Pratidin
New Update
zsdh

ডিজিটেল সংবাদ, বৰবৰুৱা : বনৰীয়া হাতী আৰু ম'হৰ তাণ্ডৱত এতিয়া ত্ৰস্তমান ডিব্ৰুগড়ৰ মধুপুৰবাসী । ডিব্ৰুগড় জিলাৰ মধুপুৰ দেউৰী গাঁ‌ৱত কৃষক ৰাইজৰ নিদ্ৰা হৰিছে বনৰীয়া হাতী আৰু ম'হে । 

Advertisment

কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধানৰ কৃষিভূমিত বনৰীয়া হাতী আৰু ম'হে চলাইছে ৰাজভোগ । এফালৰ পৰা খাই তহিলং কৰি পেলাইছে সোণোৱালী ধাননি পথাৰ। 

যাৰ বাবে দিশহাৰা হৈ পৰিছে কৃষক পৰিয়ালসমূহ । এইক্ষেত্ৰত ব্যৱস্থা ল'বলৈ বিভিন্ন সময়ত বন বিভাগক অৱগত কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে । 

দিনে-ৰাতিয়ে সকলো সময়তে বনৰীয়া হাতী আৰু ম'হে চলাই তাণ্ডৱ । এক কথাত বিমোৰত পৰিব লগা হৈছে কৃষক ৰাইজ । বনৰীয়া হাতী আৰু ম'হজাকৰ বাবে ৰবি শস্যৰ প্ৰতিও ভাবুকি আহিছে । বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় কৃষক ৰাইজে ।

FOREST DEPARTMENT dibrugarh