ৰঙিয়াৰ খৰিকটাৰ আদৰ্শ খেতিয়ক হেমন্ত ডেকাৰ দেহাৱসান...

ৰঙিয়াৰ খৰিকটাৰ আদৰ্শ খেতিয়ক হেমন্ত ডেকাৰ দেহাৱসান...

ডিজিটেল সংবাদ, ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াৰ সমষ্টিৰ অন্তৰ্গত বৰ খৰিকটা গাঁৱৰ বিশিষ্ট সমাজসেৱক, আদৰ্শ খেতিয়ক আৰু গো পালক হেমন্ত ডেকাৰ দেওবাৰে নিশা আকস্মিকাভাৱে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ৪মে' নিশা হঠাতে ঘৰৰ মজিয়াত পৰি অচেতন হোৱাত ততালিকে বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। চিকিৎসকৰ পৰামৰ্শ মতে নিশাই উন্নত চিকিৎসাৰ বাবে আমিনগাঁৱৰ বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে ইতিপুৰ্বে মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।

শিঙাৰপাৰা নৱসূৰুয পুথিভঁৰালৰ সৈতে জড়িত ডেকা সমাজৰ বিভিন্ন উন্নয়নমূলক কাম কাজত জড়িত আছিল। তেখেতৰ মৃত্যুত বিজেপিৰ শিঙাৰপাৰা পঞ্চায়ত সমিতি, জ্ঞানমালিনী সাহিত্য সভা,বিদ্যাভাৰতী মহাবিদ্যালয়,শিঙাৰপাৰা চক ব্যবসায় সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে। তেখেতে মৃত্যুৰ সময়ত পত্নী আৰু এজন পুত্ৰক ইহসংসাৰত এৰি যায়।

ৰঙিয়াৰ খৰিকটাৰ আদৰ্শ খেতিয়ক হেমন্ত ডেকাৰ দেহাৱসান...
কপিলী নৈত জীৱন্তে উদ্ধাৰ এগৰাকী মহিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in