/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কামপুৰৰ কপিলী নৈত উটি অহা অৱস্থাত জীৱন্তে উদ্ধাৰ এগৰাকী মহিলা।
সোমবাৰে বিয়লী কপিলীত বৰশী বায় থকা অৱস্থাত দুই যুৱকে জীৱন্তে উদ্ধাৰ কৰে ৰূপেমাই দেৱী নামৰ মহিলাগৰাকীক।
কামপুৰ ঘিলানীৰ শিৱ মন্দিৰৰ ওচৰত উদ্ধাৰ কৰে মহিলাগৰাকীক।
উদ্ধাৰ হোৱা মহিলাগৰাকীৰ ঘৰ লংকাৰ কাকীত বুলি জানিব পৰা গৈছে।
কপিলীত পৰি মহিলাগৰাকী কি কাৰণত কেনেদৰে উটি আহিল এই পৰ্যন্ত জানিব পৰা নাই।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উটি অহা মহিলাগৰাকীক উদ্ধাৰ কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Also Read: বকলীয়াঘাটত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন...