বুৰাবুৰী কেন্দ্ৰৰ উদ্যোগত শিক্ষকক বিদায় সম্বৰ্ধনা...

কেন্দ্ৰৰ অধীনত যিসকল শিক্ষকে অৱসৰগ্ৰহণ কৰে প্ৰতিগৰাকীক সম্বৰ্ধনা জনোৱা পৰম্পৰা এটা ৰক্ষা কৰি আহিছে

author-image
Asomiya Pratidin
New Update
বুৰাবুৰী কেন্দ্ৰৰ উদ্যোগত শিক্ষকক বিদায় সম্বৰ্ধনা...

শিক্ষকক বিদায় সম্বৰ্ধনা

ডিজিটেল ডেস্ক,মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সৌজন্যত শুকুৰবাৰে ২ নং খোলাভূঞা প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শচীন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। মনহা কছাৰীগাও নিৱাসী শচীন ডেকাই বিগত এটা দশক ধৰি উক্ত বিদ্যালয় খনত শিক্ষকতা কৰি আহিছিল।

Advertisment

ডেকাই অলপতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সেয়ে আজি কেন্দ্ৰৰ তৰফৰ পৰা শিক্ষকগৰাকীক গামোচা, চেলেং চাদৰ,জাপি,কিতাপৰ টোপোলা আৰু এখন শৰাইৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত তেখেত যথেষ্ট আৱেগিক হৈ পৰে।

আজিৰ সভাত মায়ং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া , উচ্চ বৰ্গ সহায়ক, নিকটৱৰ্ত্তী কেবাগৰাকীও কেন্দ্ৰ সম্পাদক, কেইবা  গৰাকী অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰমূখ্যে প্ৰায় শতাধিক শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুস্থিত সভাত সভাপতিত্ব কৰে কেন্দ্ৰৰ নবনিযুক্ত সভাপতি ধনঞ্জয় দাসে । সম্বৰ্দ্ধনা সভাৰ আগতে কেন্দ্ৰৰ বাৰ্ষিক সাংগঠনিক সভা এখনো অনুস্থিত কৰা হয় ।

দুয়োখন সভাৰ আঁত ধৰি কেন্দ্ৰ ব্যৱস্থাপক দীপক কুমাৰ মেধিয়ে কেন্দ্ৰৰ ইতিহাস, সংগঠনৰ প্ৰাসংগিকতাৰ সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে।শিক্ষক শিক্ষয়িত্ৰী  ক্ৰমে সহদেব বিশ্বাস, লাইমি বৰুৱা, পদ্দেশ্বৰ দাস, মৌচুমী বৰদলৈ, গুনমনি বৰ্মন প্ৰমূখ্যে  কেবাগৰাকীকো কেন্দ্ৰৰ সাংগঠনিক দিশত আগবঢ়োৱা বলিষ্ঠ ভূমিকাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয় ।

খলনী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত সভাখনত কেবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখযোগ্য  যে বুৰাবুৰী কেন্দ্ৰই প্ৰতি বছৰে কেন্দ্ৰৰ অধীনত যি সকল শিক্ষকে অৱসৰগ্ৰহণ কৰে প্ৰতি গৰাকীক সম্বৰ্ধনা জনোৱা পৰম্পৰা এটা ৰক্ষা কৰি আহিছে।

আৰু পঢ়কঃ এপিপিএছচি প্ৰশ্নকাকত ফাদিল কাণ্ড : ৮ জনৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল...

assam MAYANG teacher