এপিপিএছচি প্ৰশ্নকাকত ফাদিল কাণ্ড : ৮ জনৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল...

প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ সৈতে সম্পৰ্কিত গোচৰৰ তদন্তত ৮ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰে চিবিআইয়ে
appsc
appsc

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ লোক সেৱা আয়োগৰ সহকাৰী অভিযন্তা (অসামৰিক) পদৰ পৰীক্ষাত বিসংগতি। পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰীক্ষাৰ্থীয়ে।

সেই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ লোক সেৱা আয়োগে সহকাৰী অভিযন্তা (অসামৰিক) পদৰ বাবে চলোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ সৈতে সম্পৰ্কিত গোচৰৰ তদন্তত ৮ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰে।

চিবিআইয়ে যোৱা অক্টোবৰ মাহত অৰুণাচল প্ৰদেশ চৰকাৰৰ অনুৰোধত এটা গোচৰ ৰুজু কৰিছিল আৰু ভাৰত চৰকাৰৰ পৰা ১০ ছেপ্টেম্বৰ তাৰিখে ইটানগৰ আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰৰ তদন্ত স্থানান্তৰ কৰাৰ বাবে পৰৱৰ্তী জাননী পঞ্জীয়ন কৰিছিল।

আখিলেশ যাদৱ, টাকেট জেৰাং, তামা চাৰোহ, থমাছ গাডুক, তানিয়াং গাডুক, লোথ এজিং, বিনাম জোমাং আৰু তালুং জোমাং এই ৮ গৰাকী অভিযুক্তৰ নাম উক্ত অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে বুলি চিবিআইয়ে জানিবলৈ দিয়ে।

২৬ আৰু ২৭ আগষ্টত এপিপিএছচিৰ দ্বাৰা পৰিচালিত সহকাৰী অভিযন্তা (অসামৰিক) পদত নিযুক্তিৰ বাবে লিখিত পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ সম্পৰ্কীয় অভিযোগত ইটানগৰৰ এটা ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এগৰাকী কৰ্তৃপক্ষ আৰু অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগৰ (এপিপিএছচি) বিষয়াসকলৰ বিৰুদ্ধে উক্ত গোচৰটো পঞ্জীয়ন কৰা হৈছিল।

উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন প্ৰাৰ্থীয়ে অভিযোগ কৰিছিল যে অভিযুক্ত প্ৰতিষ্ঠানটোৰ এজন শিক্ষক এপিপিএছচিৰ বিষয়াৰ সৈতে মিত্ৰতা কৰি তেওঁৰ দ্বাৰা প্ৰশ্ন কাকত ফাদিল কৰাইছিল।

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশ, পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ প্ৰায় ১৬ টা বিভিন্ন স্থানত তালাচী চলোৱা হৈছিল যাৰ ফলত অৰুণাচল প্ৰদেশৰ কাৰ্যবাহী দণ্ডাধীশ, ভাৰতীয় ষ্টেট বেংকৰ কাৰ্যবাহী অভিযন্তা, হাৰ্ড ডিস্ক, পেন ড্ৰাইভ আদিৰ নকল ডাকটিকটসহ আপত্তিজনক নথিপত্ৰ/সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। এই বিষয়টোৰ অধিক তদন্ত বৰ্তমানে অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in