ৰঙিয়াত অৱসৰী কৃৰ্তি শিক্ষক দিপাংক নাথক বিদায় সম্বৰ্ধনা...

ৰঙিয়াত অৱসৰী কৃৰ্তি শিক্ষক দিপাংক নাথক বিদায় সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত অৱসৰী কৃৰ্তি শিক্ষক দিপাংক নাথক বিদায় সম্বৰ্ধনা...

ডিজিটেল সংবাদ, ৰঙিয়াঃ শিক্ষকসকল একো একোজন পোহৰৰ পথ প্ৰদৰ্শক । সমাজ নিৰূপণত শিক্ষকৰ বহুতো অৱদান থাকে। বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ দি সমাজ জীৱনত বাটকটীয়া কৰিবলৈ শিক্ষকজনৰ প্ৰধান দায়িত্ব থাকে । গতিকে শিক্ষকসকলে বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ বাবে মাতৃৰ ভূমিকা গ্ৰহণ কৰাটো দৰকাৰ আৰু অভিভাৱক অৰ্থাৎ শিক্ষাৰ্থীসকলৰ মাতৃয়ে ঘৰত শিক্ষকৰ ভূমিকা পালন কৰা উচিত। শনিবাৰে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক সম্বৰ্ধনা আৰু অন্তৰংগ অনুষ্ঠানত এইদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীয়ে।

Advertisment

উল্লেখ্য যে বিদ্যালয় চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অন্তৰংগ অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে শিক্ষক- শিক্ষাৰ্থীসকলৰ আগত বহুমূলীয়া শৈক্ষিক আৰু সামাজিক স্থিতিৰ এক গভীৰ আলোকপাত কৰে।

দিনৰ ১১ বজাত পৰিচালনা সমিতিৰ সভাপতি প্ৰভাত চৌধুৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটিত আন দুগৰাকী আমন্ত্ৰিত অতিথি কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই অৱসৰী কৃৰ্তি শিক্ষক দিপাংক নাথৰ বন্ধুবৰ স্মৃতি আৰু শৈক্ষিক জগতত শিক্ষকৰ ভূমিকা সন্দৰ্ভত দীঘলীয়া বক্তব্য ৰাখে।

১৯৯০চনত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাণিজ্য বিভাগৰ হিচাপ বিজ্ঞান বিষয়ত শিক্ষকতা আৰম্ভ কৰা কৃৰ্তি শিক্ষকগৰাকীয়ে ৩১মাৰ্চত বিদ্যালয়ৰ পৰা অৱসৰ লয়। এই অৱসৰৰ পিছত ছিপাঝাৰৰ বাসিন্দা অৱসৰী কৃ্ৰ্তি শিক্ষক দিপাংক নাথক আজি বিদ্যালয়খনৰ কেইবাটাও বৰ্ষৰ শিক্ষাৰ্থীসকলে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

সমাজকৰ্মী মিহিৰ চহৰীয়াই আঁত ধৰা অনুষ্ঠানত বিদ্যালয়খনৰ অধ্যক্ষ দিপক কলিতাই শেষত শিক্ষাৰ্থীসকলৰ বাবে বক্তৃতা ৰাখি উপস্থিত নিৰ্দিষ্ট বক্তা আৰু আমন্ত্ৰিত অতিথিৰ উপৰিও শিক্ষাৰ্থীসকলৰ মাজত শলাগৰ শৰাই জনায়। অনুষ্ঠানত কৃৰ্তি শিক্ষকগৰাকীৰ পৰিয়ালৰ চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয় ।

Also Read: ঢোল-পেঁপা-গগনাৰ ছন্দত প্ৰাণোচ্ছল মহঘুলি চাপৰি..

rangiya