ঢোল-পেঁপা-গগনাৰ ছন্দত প্ৰাণোচ্ছল মহঘুলি চাপৰি..

মুখপত্ৰ 'বিহুৱান'-তথ্যচিত্ৰ 'ফাটবিহু' উন্মোচন
ঢোল-পেঁপা-গগনাৰ ছন্দত প্ৰাণোচ্ছল মহঘুলি চাপৰি..

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ  ঢকুৱাখনা বাসীৰ একক আৰু স্বাভিমানী লোক সাংস্কৃতিক মহোৎসৱ ফাটবিহু। বিশ্বায়নৰ কৰাল গৰাহৰ পৰা নিলগাই ৰাখি আধুনিকতাৰ আঁচোৰ নপৰাকৈ কেইবা শতিকা জুৰি  অনুষ্ঠিত কৰি অহা হৈছে বৰেণ্য লোক সম্পদ ফাটবিহু। ঐতিহ্য আৰু পৰম্পৰা অক্ষুন্ন ৰাখি ২০২৪ বর্ষৰ এইবৃহৎ লোক উৎসৱ  ফাটবিহুৰ শনিবাৰে দ্বিতীয় দিনাও আন্দোলিত হৈ আছে মহঘুলি চাপৰিৰ বিহু বাকৰি। 

জাতি ,ধৰ্ম ,ভাষা ,কৰ্ম সকলোৰে ভিন্নতা পাহৰি কেৱল বিহুৰ মাজত বিলীন হোৱা এই সমন্বয়ৰ ক্ষেত্ৰত দ্বিতীয় দিনা বিহু বাকৰিৰ শাৰী শাৰী গছ বিৰিশত কপৌ আৰু ভাটৌ ফুল ৰোপনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবীণ শিক্ষাবিদ জ্যেষ্ঠ নাগৰিক গন্ধেশ্বৰ গগৈয়ে শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ পাছতে ফাটবিহুৰ ইতিহাস বৰ্ণিত এক তথ্যচিত্ৰ "ফাটবিহু" উদ্বোধন কৰে ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই।

ইয়াৰ পাছতে থলুৱা শিপিনীসকলৰ মাজত গামোছা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সাংস্কৃতিক কৰ্মী সপোন ভূঞা চুতীয়াই উদ্ধোধনী কৰা এই প্ৰতিযোগিতাত ১০গৰাকী শিপিনীয়ে অংশগ্ৰহণ কৰে।

ঢোল, পেঁপা গগনাৰ ছন্দেৰে প্ৰাণোচ্ছল হৈ পৰা মহঘুলি চাপৰিত অনুষ্ঠিত কৰা হয় সকলো জাতি ,জনগোষ্ঠীৰ পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা। চহা জীৱন আৰু লোক কৃষ্টিৰ মনোমোহা উপস্থাপনৰ এই দৃষ্টিনন্দন প্রতিযোগিতা উদ্বোধন কৰে শিক্ষাবিদ ডঃ সুৰজিত দলেয়ে ।

প্ৰাপ্ত বয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰি শিক্ষাবিদ ডঃ সুৰজিত দলেয়ে কয় ফাটবিহু অসমীয়া জাতিৰ স্বাভিমানী লোক উৎসৱ। ই কেৱল ঢকুৱাখনা বাসীৰ একক সম্পদ হৈ থকা নাই। মহঘুলি চাপৰিৰ এই লোক সম্পদে ঢকুৱাখনাৰ পৰিধি ভেদী বিশ্বমুখী যাত্ৰাৰ পথিক হৈছে। ফাটবিহু অবিহনে সম্প্ৰীতিৰ ভূ-স্বৰ্গ ঢকুৱাখনাৰ ঐতিহ্য ম্লান পৰিব বুলি মন্তব্য কৰে।

কেৱল ফাটবিহুৰে এনে এক আমোঘ শক্তি আছে যি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰী ডাল ধৰি নিকপকপিয়াকৈ ধৰি ৰাখিব পাৰে। ফাটবিহু অসমীয়া জাতীয় জীৱনৰ এক স্বকীয় অনুষ্ঠান বুলি কৈ এই ফাটবিহুক দীৰ্ঘায়ু আৰু চিৰঞ্জীবি কৰি ৰাখিবই লাগিব বুলি কৈ ফাটবিহুক দীৰ্ঘায়ু কৰিবলৈ এই বিশাল মঞ্চখনত পোখা মেলা নিৰ্গুন সমূহ আঁতৰাই ৰাখিব লাগিব বুলি মন্তব্য কৰে শিক্ষাবিদ ডঃ সুৰজিত দলেয়ে।

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন তীৰ্থভূমি এই ফাটবিহুত মিচিং সকলৰ অংশগ্ৰহণ ম্লান পৰাৰ দিশটো অনুকীয়াই ফাটবিহুৰ পূৰ্বৰ সমন্বয়ৰ গৰিমা অটুট ৰখাৰ বাবে অধিক কৰণীয় থকা বুলি মন্তব্য কৰে উদ্বোধক দলেয়ে। উদ্বোধক দলেয়ে প্ৰাচীন কালৰ বিহুৰ ক্ৰমবিৱৰ্তন ঘটি সাম্প্ৰতিক হুঁচৰি শব্দৰ আগমনলৈ এই সুদীর্ঘ পৰিক্ৰমাৰ সন্দৰ্ভত মননশীল আৰু গৱেষণালব্ধ বক্তব্য আগবঢ়াই।

অতীতৰ প্ৰেম প্ৰণয় আৰু বিৰহৰ বিহুৰ পৰা চোতালৰ মান্য ৰূপ দিয়া বিহুৰ  ঐতিহ্য বিচাৰ কৰি  মিচিং জনগোষ্ঠীৰ হুঁচৰিৰ সৈতে তুলনামূলক বক্তব্য আগবঢ়াই। তেওঁ দেহত শেষ ৰক্ত থকালৈকে ফাটবিহুক চিৰঞ্জীবি  কৰাৰ নিমিত্তে  প্ৰতি পল প্ৰতি ক্ষণে সেৱা আগবঢ়াই যোৱাৰ নিশ্চয়তা প্ৰদান কৰে উদ্বোধক দলেয়ে।

শতাধিক দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ মাজতে ফাটবিহুৰ মুখপত্ৰ "বিহুৱান "উন্মোচন কৰা হয় । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনে উন্মোচন কৰে " বিহুৱান" ।

ঢকুৱাখনাৰ চাউৰেকীয়া গাঁৱৰ প্ৰয়াত সমাজপ্ৰাণ , শিক্ষাবিদ , সাহিত্যসেৱী ৰেৱত চন্দ্ৰ গগৈৰ সশ্ৰদ্ধ স্মৃতিত গগৈৰ পৰিয়ালবৰ্গই প্ৰকাশ কৰা এই সংখ্যাৰ "বিহুৱান"ৰ সম্পাদনা কৰিছে বিশিষ্ট শিক্ষাবিদ, চিত্ৰ শিল্পী ,সাংবাদিক ইন্দিবৰ বুঢ়াগোহাঁইয়ে। প্ৰায় "বিহুৱান" উন্মোচন কৰি ডাঃ ফুকনে ফাটবিহুৱে ঢকুৱাখনাৰ পৰিধি ভেদী দেশৰ চুকে কোনে লোক উৎসৱ ফাটবিহুৰ গৰিমা বিয়পি পৰিছে বুলি কয়। অসমীয়া জাতিৰ চহকী উৎসৱ  ফাটবিহুৱে এইখন যান্ত্ৰিক পৃথিৱীখনৰ বিপৰীতে স্বকীয় ৰূপত থিয় দি ঢকুৱাখনাক সুন্দৰ  স্বৰ্গ তীৰ্থত পৰিণত কৰা বুলি তেওঁ মন্তব্য কৰে।

সংস্কৃতিপ্ৰেমীৰ উপস্থিতিৰে দলদোপ হেন্দোল দোপ হৈ চাৰিকড়িয়া গাভৰু হৈছে আৰু ঢকুৱাখনা প্ৰাণৱন্ত হৈছে বুলি কৈ উন্মোচক ডাঃ ফুকনে  এটা অনুষ্ঠানৰ এনে  স্মৰণিকাই অনুষ্ঠানটোৰ ভৱিষ্যত প্ৰজন্মৰ বাবে দাপোন আৰু দলিল হৈ অনাদি অনন্ত কাললৈ জিলিকি ৰ'ব বুলি মন্তব্য কৰে। তেওঁ ফাটবিহুৰ বিজ্ঞানসন্মত বিশ্লেষণ আৰু গৱেষণাৰ প্ৰয়োজনীয়তা ভাষণ প্ৰসংগত দোহাৰে। অগণন লোক সংস্কৃতি প্ৰেমীৰ উচাহপূৰ্ণ উপস্থিতি ,মিচিং ,দেউৰী ,সোণোৱাল কছাৰী বিহুৰে জীপাল আৰু প্ৰাণৱন্ত হৈ পৰে বিহু বাকৰি।

ঢোল-পেঁপা-গগনাৰ ছন্দত প্ৰাণোচ্ছল মহঘুলি চাপৰি..
নগাঁৱত চাঞ্চল্যঃ পথাৰৰ মাজৰ পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in