৮ কোটি টকা মূল্যৰ ভুৱা কৰ্কট ৰোগৰ ঔষধ জব্দ...

দিল্লী অপৰাধ শাখাই মঙলবাৰে কৰ্কট ৰোগৰ ঔষধ নিৰ্মাণৰ সৈতে জড়িত এটা দলক আটক কৰে।

author-image
Asomiya Pratidin
New Update
 ৮ কোটি টকা মূল্যৰ ভুৱা কৰ্কট ৰোগৰ ঔষধ জব্দ...

ডিজিটেল ডেস্ক: দিল্লী অপৰাধ শাখাই মঙলবাৰে কৰ্কট ৰোগৰ ঔষধ নিৰ্মাণৰ সৈতে জড়িত এটা দলক গ্ৰেপ্তাৰ কৰে।

Advertisment

অপৰাধ শাখাৰ বিশেষ আৰক্ষী আয়ুক্ত আৰ এছ যাদৱৰ মতে, এই সন্দৰ্ভত ২ জন অভিযন্তা, এজন চিকিৎসক আৰু এজন এমবিএক ডিগ্ৰীধাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। অন্যহাতে ঘটনা সন্দৰ্ভত জড়িত ৩ জন লোকে পলায়ন কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

অভিযোগ অনুসৰি এই সকল লোক কৰ্কট ৰোগৰ নকল দৰৱ তৈয়াৰ কৰিছিল। লগতে হাৰিয়ানাৰ চনিপতত এটা কাৰখানা আৰু গাজিয়াবাদত এটা গুদামো জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জনাই যে উদ্ধাৰ হোৱা নকল ঔষধ খিনিৰ মূল্য প্ৰায় ৮ কোটি টকা। অভিযুক্ত সকলে প্ৰায় ৩ বছৰ ধৰি এই ব্যৱসায় চলাই গৈছিল।

আৰু পঢ়ক: কবিতা ১১০/ কাকনো সুধিম ভোকৰ খবৰ

CANCER delhi arrested