কবিতা ১১০/ কাকনো সুধিম ভোকৰ খবৰ

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰতিবাদী কণ্ঠ,সাংবাদিক ভবেশ বৰুৱাৰ সোঁৱৰণত...

author-image
Asomiya Pratidin
New Update
কবিতা ১১০/ কাকনো সুধিম ভোকৰ খবৰ

- মিলন মহন্ত

এতিয়া কাকনো সুধিম ভোকৰ খবৰ

সাম্যৰ ভেটিত গঢ় লোৱা

শব্দৰ জীৱন জগোৱা গানৰ কথা

এতিয়া কাকনো সুধিম

শব্দৰ হৃদয়ৰ ভোকৰ যাতনা

শব্দই বিচৰা গণ মুকুতি

শব্দই শব্দৰ আত্মসম্বল

কাকনো সুধিম

সলসলীয়া কণ্ঠৰ আত্মবিশ্বাস

মাৰ্ক্স,লেনিন,বিষ্ণুৰাভাৰ সাম্যবাদ

এতিয়া কাকনো সুধিম জীৱন সংগ্ৰাম

তেজ খোৱা মানুহৰ ঘৰৰ অকথিত কাহিনী

মিছলীয়াৰে বন্ধুত্ব ৰক্ষাৰ স্বাৰ্থ

কাকনো সুধিম এতিয়া

কথা আৰু কামৰ সাদৃশ্য

পাছফালৰ এন্ধাৰৰ কথা

কাকনো সুধিম

মানুহ কেনেকৈ হয় আধা প্ৰতিবাদী

আধা সুবিধাবাদী

কাকনো সুধিম

বঁটা-বাহন লাভৰ আঁৰৰ কাহিনী

শোষিতৰ কামিহাড়ৰ তেজ শুহি শুহি গোটোৱা

পইচাৱালাবোৰৰ গোপন কথা

কাকনো সুধিম এনে প্ৰশ্নবোৰ

ওলোটাই সুধিলে কম

শব্দ মৰণশীল

শব্দই জীৱনৰ গান

শব্দই ভোক

শব্দই গণ মুকুতি

শব্দৰে খেলিলে ওৰে জীৱন।

আৰু পঢ়ক : কবিতা ১০৯/ শব্দ

assamese poem