/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/da60dddd-0d0e-4068-b8e6-4ca56c8867c3/2.jpg)
ডিজিটেল ডেস্কঃ জয়পুৰত ২০মে'ৰ পৰা ২৪মে'লৈকে অনুষ্ঠিত ২০২৪বৰ্ষৰ অল ইণ্ডিয়া নেচনেল ৰেংকিং ছুপাৰ ছিৰিজ টেনিছ চেম্পিয়নশ্বিপ। উক্ত টুৰ্ণামেণ্টখনত ১২বছৰ অনুৰ্ধৰ ছোৱালীৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ ফাগুন জ্যোতি।
১৯২০ চনত প্ৰতিষ্ঠা হোৱা ইক্ত টুৰ্ণামেণ্টখন আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন আৰু এছিয়ান টেনিছ ফেডাৰেচনৰ সৈতে জড়িত।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ফাগুন জ্যোতি গুৱাহাটীৰ হ'লি ছাইল্ড স্কুলৰ ছাত্ৰী। তেওঁ যোৱা ২১-২২ ডিচেম্বৰত গুৱাহাটীৰ দিছপুৰৰ নৰ্থ ইষ্ট টেনিছ ফাউণ্ডেচনত অনুষ্ঠিত হোৱা জুনিয়ৰ টেনিছ টুৰ্ণামেণ্ট-২০২৩ত ১২ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। ফাগুন জ্যোতি গুৱাহাটীৰ জ্যোতি কাকতি আৰু সঞ্চিতা তালুকদাৰৰ কন্যা।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us