ঢকুৱাখনাত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস পালন...

ঢকুৱাখনাত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস পালন...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস পালন...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ জৈৱ বৈচিত্ৰতা সন্দৰ্ভত সজাগতা সৃষ্টি আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষাৰ বাবে জনসজাগতা বৃদ্ধি কৰাৰ মহান উদ্দেশ্যেৰে পালিত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস বুধবাৰে ঢকুৱাখনাতো পালন কৰা হয় । ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগত এই দিৱসৰ সতে সংগতি ৰাখি এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ।

Advertisment

বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকলৰ উপস্থিতিত অনুষ্ঠিত এই দিৱসৰ লক্ষ্য উদ্দেশ্য আৰু তাৎপৰ্য সন্দৰ্ভত বক্তব্য আগবঢ়াই বিভাগীয় সহযোগী অধ্যাপক জীৱন চন্দ্ৰ গগৈয়ে। গগৈয়ে ২৯ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২২মে'ত এই দিৱস অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত কাৰিকৰী ব্যাখ্যা আগবঢ়াই।

বিভাগৰ সহযোগী অধ্যাপক ডঃ নৰেন্দ্ৰ নাথ দত্তই জৈৱ বৈচিত্ৰ তথা পাৰিপাৰ্শ্বিক পৰিৱেশৰ সংৰক্ষণ আৰু স্বস্থান সংৰক্ষণ ,অন্য স্থান সংৰক্ষণ সন্দৰ্ভত, এই জৈৱ বৈচিত্ৰৰ সতে জীৱন জীৱিকাৰ সৈতে দৈনন্দিন সম্পৰ্ক ,আৰু নৱ প্ৰজন্মক এই দিৱসৰ সৈতে জড়িত হোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।

অনুষ্ঠানত বিভাগৰ মুৰব্বী অধ্যাপক ইন্দু বৰুৱাই বিষয়বস্তুৰ সন্দৰ্ভত ভৱিষ্যত পৰিকল্পনা আৰু নৱ প্ৰজন্মৰ কৰণীয়তা, গৱেষণালব্ধ অধ্যয়ন সন্দৰ্ভত বিস্তৃত অৱলোকন কৰি শিক্ষাৰ্থীসকলক উপকৃত কৰে। অন্যহাতে ঢকুৱাখনাৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘৰ উদ্যোগত ঢকুৱাখনা শাখা বিজ্ঞান সমিতি আৰু বিদ্যালয়ৰ ইক' ক্লাৱৰ সহযোগত এই দিৱস পালন কৰা হয় ।

প্ৰকৃতি সংঘৰ বিষয়ববীয়া দ্বিগেন্দ্ৰ নাথ হাজৰিকা , দেৱজিৎ ফুকনৰ লগতে বহু কেইগৰাকী প্ৰকৃতি প্ৰেমীৰ উপস্থিতিত জৈৱ বৈচিত্ৰৰ শিক্ষা আৰু সংৰক্ষণ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰা হয় । বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱ কুমাৰ বৰাৰ লগতে গৰিষ্ঠ সংখ্যক শিক্ষকৃ-শিক্ষাৰ্থী উপস্থিত থকা সজাগতামূলক সভাত দিৱসৰ লক্ষ্য উদেশ্য আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰাসংগিকতা সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়াই ক্ৰমে সমল ব্যক্তি দ্বিগেন্দ্ৰ নাথ হাজৰিকা আৰু দেৱজিৎ ফুকনে।

দিৱসৰ বিষয়বস্তু সন্দৰ্ভত গৱেষণালব্ধ বক্তব্য আগবঢ়াই সমল ব্যক্তিদ্বয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বিজ্ঞান মনস্কতা বৃদ্ধিৰ সহায়ক হোৱাকৈ অসম বিজ্ঞান সমিতিৰ বিভিন্ন সংখ্যাৰ মুখপত্ৰ "বিজ্ঞান জেউতি"ৰ মুঠ ১৭খন আলোচনী বিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক বৰাৰ হাতত অৰ্পণ কৰে । বিদ্যালয়ৰ পৰিয়ালৰ হৈ প্ৰধান শিক্ষক বৰাই এই কাৰ্যসূচী গ্ৰহণৰ বাবে মেগামিক্স প্ৰকৃতি সংঘৰ শলাগ লয় ।

Also Read: বটদ্ৰৱাত মালবাহী ট্ৰাকে প্ৰাণ ল'লে এজনৰ

dhakuakhana