/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c70bce8a-1522-4d30-a928-96d1b24a9803/fasa.jpg)
ডিজিটেল ডেস্ক : ফেচবুক ব্যৱহাৰ নকৰা লোক কমেই ওলাব। বিশ্বৰ কোটি কোটি লোকে ব্যৱহাৰ কৰে এই সামাজিক মাধ্যম। সময়ৰ সৈতে ফেচবুকৰ কৰ্তৃপক্ষই অৰ্থাৎ মেটাই বহু নিয়ম সলনি কৰি আহিছে। লগতে ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে নতুন নতুন ফিচাৰ সংযোগ ঘটাইছে।
১ ডিচেম্বৰৰ পৰা ফেচবুক ব্যৱহাৰকাৰী সকলৰ প্ৰফাইলৰ পৰা কিছু তথ্য আঁতৰোৱাৰ সিদ্ধান্ত লৈছে মেটাই। সেই অনুসৰি কোনো লোকে তেওঁৰ প্ৰফাইলত যদি ধৰ্মীয় দৃষ্টিভংগী, ৰাজনৈতিক দৃষ্টিভংগী লিখি থৈছে সেইবোৰ মুচি পেলাব ফেচবুকে।
ব্যৱহাৰকাৰী সকললৈ ইতিমধ্যে ফেচবুকে সেই সম্পৰ্কীয় জাননীও প্ৰেৰণ কৰিছে। ফেচবুকৰ মুখপাত্ৰই এই কথা সদৰি কৰিছে। মুঠতে ফেচবুকে ব্যৱহাৰকাৰী সকলৰ একাংশৰ পৰা তেওঁলোকৰ ঠিকনা, ধৰ্মীয় দৃষ্টিকোণ, ৰাজনৈতিক দৃষ্টিকোণ আৰু কিহৰ প্ৰতি আগ্ৰহী (interested in) তথ্যবোৰ আঁতৰাই দিব।
আৰু পঢ়ক : গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত ৪ ছাত্ৰ...