গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত ৪ ছাত্ৰ...

গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত ৪ ছাত্ৰ...

ডিজিটেল ডেস্ক : শনিবাৰে নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰবাসৰ দ্বিতীয় মহলাৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন । পৰৱৰ্তী সময়ত প্ৰাৰম্ভিক তদন্তৰ অন্তত এই সমগ্ৰ ঘটনা ৰেগিঙৰ বাবে সংঘটিত হোৱা বুলি প্ৰকাশ হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছতেই আৰক্ষীয়ে চলাইছিল সমগ্ৰ ছাত্ৰবাসতেই অভিযান ।

এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে অ‍াৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়াৰ পাছতেই সোমবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ জন ছাত্ৰক ।

এই ৪ জন ছাত্ৰ হৈছে ক্ৰমে সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ, গোলাপ ডেকা আৰু প্ৰানজিৎ বৰুৱা ।

উল্লেখ্য যে, মুঠ ১৭ জন যুৱকৰ ওপৰত ৰেগিঙৰ অভিযোগ ৰুজু কৰা হৈছিল যদিও এতিয়া পলাতক অৱস্থাত আছে আন ১৩ জন যুৱক । আনহাতে, এই সমগ্ৰ ঘটনাৰ সৈতে বিশ্ব বিদ্যালয় খনৰ বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । এতিয়া প্ৰশ্ন হয়, প্ৰাক্তন ছাত্ৰ এগৰাকীয়ে ছাত্ৰাবাসত প্ৰৱেশ কৰি অধ্যয়ণৰত ছাত্ৰক শাৰীৰিক আতিশয্য চলোৱাৰ অনুমতি কিদৰে লাভ কৰে এনে এক গৰিমা মণ্ডিত শিক্ষানুষ্ঠানত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in