মাজুলীত ‘আই ফ্লু’ৰ ব্যাপক সংক্রমণৰ ফলত বন্ধ বিদ্যালয়

মাজুলীত ‘আইফ্লু’ৰ ব্যাপক সংক্রমণ। বনগাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত আক্রান্ত বহু শিক্ষক-শিক্ষাৰ্থী।

author-image
Asomiya Pratidin
New Update
মাজুলীত ‘আই ফ্লু’ৰ ব্যাপক সংক্রমণৰ ফলত বন্ধ বিদ্যালয়

ডিজিটেল ডেস্কঃ মাজুলীত ‘আইফ্লু’ৰ ব্যাপক সংক্রমণ। বনগাঁৱৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত আক্রান্ত বহু শিক্ষক-শিক্ষাৰ্থী।

Advertisment

ইতিমধ্যে আক্রান্ত বিদ্যালয়খনৰ ২০০ গৰাকী শিক্ষাৰ্থী, আচাৰ্য-আচাৰ্য্যা। বিদ্যালয়খনত আছে প্ৰায় ৩০০ গৰাকী শিক্ষাৰ্থী। সংক্রমণৰ প্রতি লক্ষ্য ৰাখি দুদিনলৈ বিদ্যালয় বন্ধ ঘোষণা কৰ্তৃপক্ষৰ।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আই ফ্লুয়ে যথেষ্ঠ পৰিমাণে সংক্ৰমণ হৈছে। বহুলোক এই আই ফ্লুত সংক্ৰমণ হৈছে। যাৰ বাবে কিছুদিন পূৰ্বে অন্য ঠাইৰো বহু বিদ্যালয় বন্ধ কৰি দিয়া হৈছিল।

জানিব পৰা মতে এই বেমাৰত আক্ৰান্ত হ'লে চকু ৰঙা পৰে।এই ভাইৰাছ বেক্টেৰিয়াৰ ফলত বিয়পে। সংক্ৰমিত ব্যক্তি এজনৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ বাবে বা সংক্ৰমিত ব্যক্তি এজনৰ সৈতে বস্তু ভাগ বতৰা কৰিলে ই বিয়পিব পাৰে।

Also Read: শেষ মুহূৰ্তত দেৱেন দত্তৰ বাবে GMCH ত নাপালে এবটল তেজ ! তদন্ত ঘোষণা....

eye flu