শেষ মুহূৰ্তত দেৱেন দত্তৰ বাবে GMCH ত নাপালে এবটল তেজ ! তদন্ত ঘোষণা....

শেষ মুহূৰ্তত দেৱেন দত্তৰ বাবে GMCH ত নাপালে এবটল তেজ ! তদন্ত ঘোষণা....

author-image
Asomiya Pratidin
New Update
শেষ মুহূৰ্তত দেৱেন দত্তৰ বাবে GMCH ত নাপালে এবটল তেজ ! তদন্ত ঘোষণা....

শেষ মুহূৰ্তত দেৱেন দত্তৰ বাবে GMCH ত নাপালে এবটল তেজ ! তদন্ত ঘোষণা....

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ বিয়োগৰ পাছতে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই দেৱেন দত্তই মৃত্যুক সাৱটি ল'বলগীয়া হ'ল বুলি অভিযোগ উত্থাপন কৰিছে প্ৰায়ত শিক্ষাবিদগৰাকীৰ কেয়াৰ টেকাৰী গৰাকীয়ে।

Advertisment

এই গুৰুতৰ অভিযোগৰ পাছতে এতিয়া গা লৰিছে জি এম চি এইছ কৰ্তৃপক্ষৰ। যাৰ বাবে ৪ গৰাকী চিকিৎসক, অধ্যাপকক সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১১ আগষ্টতে জি এম চি এইছত ভৰ্তি হৈছিল দেৱেন দত্ত। ইয়াৰ পাছতে তেওঁৰ চিকিৎসা আৰম্ভ হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ দেহত ৰক্তৰ প্ৰয়োজন হৈছিল।

কিন্তু এটা ইউনিট তেজ যোগাৰ কৰিব নোৱাৰাৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। দেৱেন দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি এবটল তেজৰ অভাৱতে মৃত্যু হ’ল তেওঁৰ।

চিকিৎসকে তেজৰ প্ৰয়োজন হোৱাৰ কথা উল্লেখ কৰাৰ পাছতে কেয়াৰ টেকাৰজনে নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল। তেওঁ এটা ইউনিট তেজ ব্লাড বেংকত জমা দিয়াৰ পিছতো নাপালে প্ৰয়োজনীয় তেজ।

ইফালে বৃহস্পতিবাৰে দিনৰ ভাগতো চিকিৎসকে দেৱেন দত্তৰ দেহত তেজৰ যোগান ধৰিবলৈ তেজ বিচাৰিছিল যদিও নিশা ৯ বজাতহে তেজৰ এটা ইউনিট গোটাব পৰাত সেই তেজ দেৱেন দত্তক দিয়া হয়। ১২ ঘণ্টা পলমকৈ তেজৰ যোগাৰ হৈছিল যদিও তেওঁক ৰক্ষা কৰিব নোৱাৰিলে।

জি এম চি এইছত সৃষ্টি হোৱা এনে গাফিলতিৰ পাছতে এতিয়া সৰ্বত্ৰে সমালোচিত হৈছে চিকিৎসালয় কৰ্তৃপক্ষ। যাৰ বাবে জি এম চি এইছ কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

Also Read: খেল নহয়, হেলিপেডহে ডাঙৰ ! কাজিৰঙাত খেল পথাৰত নিৰ্মাণ কৰিব হেলিপেড...

জি এম চি এইছ দেৱেন দত্ত