/asomiyapratidin/media/media_files/2025/03/29/BVw14qh4RcjEmRbq2CVq.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ ৬৫খন গাঁও পঞ্চায়ত, দুটা টাউন ব্লকত স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব ৷ এই সম্পৰ্কে শুক্ৰবাৰে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ত বিয়লি ৩ বজাত সংবাদমেল অনুষ্ঠিত কৰা হয় ৷
ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ ফুকন , জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁই , জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ধেমাজি জিলা প্ৰচাৰ মাধ্যম বিষয়া ড° অচ্যুৎ গগৈয়ে উপস্থিত থাকে। বক্তব্যত তেওঁলোকে জিলাখনৰ সকলো পৰ্যায়ৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষাৰ লগতে ব্যাপকভাৱে জিলা স্বাস্থ্য বিভাগ উদ্যোগত আৰু শিক্ষা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ জনস্বাস্হ্য কাৰিকৰী বিভাগৰ সহযোগত প্ৰস্তুতি ইতিমধ্যে চলোৱা বিষয়ে অৱগত কৰে ৷
জিলাখনৰ প্ৰতিটো পঞ্চায়তৰ ৰাইজৰ মাজত স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে জনজাগৰণ সৃষ্টি কৰাৰ উপৰিও সুস্বাস্থ্যৰ অধিকাৰী হবলৈ খাদ্য, শৰীৰ চৰ্চা, যোগা ইত্যাদিৰ কৰ্মশালা, প্ৰতিযোগিতা, চুটি চলচ্চিত্ৰ ইত্যাদি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। এই স্বাস্থ্যমেলাত প্ৰসূতি , মেডিচিন, চকু, শিশু, হাড়, চাল, মানসিক আদি বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/03/29/SWalTnHz0WWID0lVSp3l.jpg)
অতি সম্প্ৰতি সমাজত ত্ৰাসৰ সৃষ্টি কৰা মধুমেহ , কৰ্কট আদি ৰোগৰ বাবে পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব। তেজ পৰীক্ষা , ই.চি.জি আদিৰো ব্যৱস্থা কৰা হৈছে লগতে বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰা হৈছে।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা পানীৰ নমুনা পৰীক্ষা কৰাৰো ব্যৱস্থা কৰা হৈছে। যি সকল ব্যক্তিয়ে এতিয়াও আভা নম্বৰ সৃষ্টি কৰা নাই তেখেত সকলৰ বাবেও আভা নম্বৰ সৃষ্টিৰ ব্যৱস্থা কৰা হ’ব।
গতিকে সকলো ৰাইজে লগত আধাৰ কাৰ্ড লৈ আহিবলৈ স্বাস্থ্য বিভাগৰ পৰা অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে অহা ১ এপ্ৰিলৰ পৰা ধেমাজি জামুগুৰি পাচ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা স্বাস্থ্য মেলাত ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী প্ৰশান্ত ফুকন, শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই শুভ উদ্বোধন কৰিব ।
অন্যহাতেদি একেদিনাই ১ এপ্ৰিলত জোনাই সমজিলাৰ মুৰকংচেলেক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা বৃহৎ স্বাস্থ্য মেলাত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে শুভ উদ্বোধন কৰিব।