/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/884904ba-4643-4c38-8b25-6eb7e8f510a7/mahanta_sir_14.jpg)
ব্যতিক্ৰমী উৰুকাঃ৩ প্ৰজন্মৰ ভোজত ৭ হাজাৰৰ কাব্যপুথি বিক্ৰী, আবৃত্তি-গীতেৰে জিপাল ভোগালীৰ চোতাল...
ডিজিটেল ডেস্কঃ ব্যতিক্ৰমী ভাৱে নগাঁৱৰ এটা পৰিয়ালৰ চোতালত উদযাপিত হ'ল ভোগালীৰ উৰুকা। কাষৰ ভেলাঘৰত ৰান্ধিলে ভোজ, নামঘৰত নতুন প্ৰজন্মৰ শিক্ষাৰ্থীয়ে গালে নাম।
ভোজ-ভাতৰ পূৰ্বে ঘৰৰ চোতালতে পুনৰ উন্মোচিত হ'ল 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ কাব্যপুথি 'ইউকেনঃ ইউক্ৰেইন'। ৰিদ ৰিডম দেউৰী মহন্ত নামৰ কণমানিটিয়ে উন্মোচন কৰা পুথিখনৰ 'ইউকেনঃ ইউক্ৰেইন' কবিতাটো আবৃত্তি কৰিলে শিল্পী আদৃতা পৰশা মহন্তই।
স্বাস্থ্য বিভাগৰ নগাঁৱৰ যুটীয়া সঞ্চালক তথা 'অচ্যিন্ত মহন্ত- হিৰণ্য প্ৰভা ন্যাস'ৰ অধ্যক্ষ ডাঃ অৰূপ জ্যোতি মহন্তই সঞ্চালনা কৰা সভাখনত জ্যোতি সংগীতেৰে সকলোকে সন্মোহিত কৰিলে ৰূপসিং বেয়ে। আনহাতে পৰিয়ালৰ জ্যেষ্ঠা সদস্যা অঞ্জলি কলিতাই সভাখনত সন্মানীয় অতিথি হিচাপে আসন গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, নগাঁও জিলাৰ মাজপোতনিৰ প্ৰয়াত অচ্যিন্ত মহন্তৰ বাসভৱনত পৰিয়ালটোৰ চাৰিটা প্ৰজন্মৰ ৪০ ৰো অধিক সদস্য আৰু আত্মীয়ই শনিবাৰে এনেদৰে উদযাপন কৰে ভোগালীৰ উৰুকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/dc98800f-23b8-4051-8fc2-5dcb4f79c247/f73d06bd_ff45_4ff4_b06c_5f689a208aa7.jpg)
উৰুকা মানেই যে, কেৱল মাছে-ভাতে এপেট খোৱা নহয়, সকলোৰে মাজত থকা প্ৰতিভাৰ চৰ্চা তথা আদান-প্ৰদানৰো সুযোগ তেনে এক পৰিৱেশেই বিৰাজ কৰিলে ঘৰখনৰ বৃহৎ চোতালত। উল্লেখ কৰাৰ প্ৰয়োজন যে, 'ইউকেন : ইউক্ৰেইন'ত পৰিয়ালটোৰ দুই সদস্য ক্ৰমে মুকুল গোস্বামী আৰু ৰাতুল মহন্তৰ দুটা কবিতাও ছপা হৈছে।
ইয়াৰে ৰাতুল মহন্তই লিখা কবিতাটোৱেই হ'ল - 'ইউকেন : ইউক্ৰেইন'। গীত, মাত, আবৃত্তিৰে জিপাল অনুষ্ঠানটোত অনুষ্টুপীয়া সভাৰ অন্তত পৰিয়ালৰ সদস্য সকলে ৭ হাজাৰ টকাৰ কাব্যপুথি ক্ৰয় কৰাৰ পিছত অতি আনন্দেৰে ভোজ-ভাত খায়।
বিয়লিৰ চাহ, পিঠা খোৱাৰ পিছত বৰ্তমানে ঘৰত স্থায়ী ভাৱে বসবাস কৰা উৎপল মহন্তৰ চাৰি জনীয়া পৰিয়ালটোৰ বাহিৰে বাকীসকল গুৱাহাটী, তেজপুৰ, শিৱসাগৰ, নগাওঁ, বিশ্বনাথ, যোৰহাটলৈ ৰাওনা হয়। চমু অনুষ্ঠানটোত আঁত ধৰে প্ৰয়াত অচ্যিন্ত মহন্তৰ মধ্যম সন্তান প্ৰকাশ মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e5d5e160-02e9-457b-934f-585570704623/d7e50431_10cc_4683_99fb_2b51d8cc529a.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/67bdf807-8e43-4333-93cf-f181a04c5bb4/4aacc716_be0b_40ba_b026_cd76ad180dd0.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/86a0f409-a192-4c1a-9144-b786844874e0/2967e925_d91f_4baa_8145_f3cb4e4a6673.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2db321c3-0ce2-4e6c-addb-2f5c00295729/bf7842e5_db94_4ecf_9026_aecf8128d193.jpg)
ক্লিক কৰি পঢ়কঃ ভূমেশ্বৰ পাহাৰৰ নামনিত দ্বিতীয় সংখ্যক পাঁচদিনীয়া দোমাহী ফৌৰ্ব মেলা...