/asomiyapratidin/media/media_files/2025/07/06/1-2025-07-06-17-27-50.jpg)
ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে চৰকাৰী বাসগৃহ খালী নকৰাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে আনুষ্ঠানিকভাৱে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে দখল কৰা ৫ নং বাংলো কৃষ্ণ মেনন মাৰ্গ খালী কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।
উল্লেখযোগ্য যে, ডি ৱাই চন্দ্ৰচুড়ে ২০২৪ চনৰ ১০ নৱেম্বৰত মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ কাৰ্যকালত ৫নং কৃষ্ণ মেনন মাৰ্গত অৱস্থিত টাইপ–৮ শ্রেণীৰ বাংলোত বাস কৰিছিল। অৱসৰৰ পিছতো তেওঁক অস্থায়ীভাৱে টাইপ–৭ বাংলো দিয়া হৈছিল, তথাপি চন্দ্ৰচুড়ে ২০২৫ চনৰ ৩০ এপ্ৰিললৈকে পূৰ্বৰ বাসগৃহত থাকিবলৈ অনুমতি লৈছিল।
কিন্তু, উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে পঠিওৱা পত্ৰত উল্লেখ কৰিছে যে অনুমতিৰ সময়সীমা ৩১ মে’২০২৫ ত শেষ হোৱাৰ পিছতো চন্দ্ৰচুড়ে বাংলো খালী কৰা নাই। পত্ৰখনত কোৱা হৈছে যে, এই অৱস্থানৰ ফলত নতুন ন্যায়াধীশসকলক বাসগৃহ প্ৰদানৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি হৈছে। প্ৰশাসনে স্পষ্টভাৱে মন্তব্য কৰিছে যে “এই পৰিস্থিতিত প্ৰাক্তন মুখ্য ন্যায়াধীশে অনতিবিলম্বে বাসগৃহ খালী কৰা উচিত।”
উল্লেখযোগ্য যে, ৫ নং কৃষ্ণ মেনন মাৰ্গ আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহ হিচাপে বিবেচিত। তথাপি, ডি ৱাই চন্দ্ৰচুড়ৰ অৱসৰৰ পিছত মুখ্য ন্যায়াধীশ পদত নিযুক্ত হোৱা সঞ্জীৱ খান্না তথা বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই অন্য বাসস্থান বাছি লোৱাত, চন্দ্ৰচুড়ে পূৰ্বৰ বাংলোটোত অধিক দিন থকাৰ সুযোগ পায়।
এই ঘটনা এতিয়া চৰকাৰী সম্পত্তিৰ ব্যৱহাৰৰ নীতি আৰু নৈতিকতাৰ প্ৰসংগত নতুন বিতর্কৰ সৃষ্টি কৰিছে। চৰকাৰৰ পৰৱৰ্তী পদক্ষেপত কি সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেয়া লক্ষ্যণীয় হ’ব।