মাঘত মণি মাধৱৰ বিয়া...

প্ৰাক্তন আছু নেতা মণি মাধৱে গাত সানিব মাহ-হালধি
মাঘত মণি মাধৱৰ বিয়া
মাঘত মণি মাধৱৰ বিয়া

ডিজিটেল সংবাদ,নগাঁও : গাত মাহ হালধি সানিবলৈ সাজু প্ৰাক্তন আছু নেতা মণি মাধৱ মহন্ত। মাঘত সংসাৰ কৰিবলৈ সাজু হৈছে মণি মাধৱ মহন্ত ৷ মাহ হালধি সানি বৈবাহিক জীৱনক আদৰিব প্ৰাক্তন আছু নেতা মণি মাধৱ মহন্তই ৷

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ পৰা আহি প্ৰত্যক্ষ ৰাজনীতিত জৰিত হোৱা কলিয়াবৰৰ মণি মাধব মহন্তৰ বিয়াক লৈ বালিসত্ৰত এতিয়া আনন্দ মুখৰ পৰিৱেশ ৷ তেলিয়াগাঁৱৰ শ্ৰী শ্ৰী বালিসত্ৰত আগতীয়াকৈ শুনিবলৈ পোৱা গৈছে আয়তীৰ বিয়া নাম ৷ উৰুলিয়ে আগতীয়াকৈ কলিয়াবৰত প্ৰাক্তন আছু নেতাজনৰ বিয়াৰ বতৰা দিছে ৷

১৫ মাঘত মণি মাধৱ মহন্তৰে বিবাহ পাশত আবদ্ধ হ'ব অৰিহনা হাজৰিকা ৷ কন্যা অৰিহনা কলিয়াবৰ সেউজ নগৰৰে বাসিন্দা ৷ প্ৰাক্তন আছু নেতা তথা অগপ নেতা মণি মাধৱ মহন্তৰ বিয়াক লৈ কলিয়াবৰৰ সৰ্বত্ৰে ব্যস্ততা ৷

উল্লেখ্য যে মণি মাধৱ মহন্ত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ কনিষ্ঠ ভাতৃ ৷ মন্ত্ৰী কেশৱ মহন্তৰ কনিষ্ঠ ভাতৃ হোৱাৰ লগতে শ্ৰী শ্ৰী বালিসত্ৰৰ এই প্ৰজন্মৰ শেষৰ খন বিয়া হিচাপে ব্যাপক আয়োজন চলিছে ৷

জানিব পৰা মতে নেতাজনৰ বিয়াত গামোচা উপহাৰ দিব চিলাবন্ধা গাঁৱৰ শিপিনীসকলে ৷ প্ৰাক্তন আছু নেতাজনৰ বিয়াৰ বাবে প্ৰয়োজনীয় সকলো গামোচা হাতে বৈ উপহাৰ হিচাপে আগবঢ়াব শিপিনীসকলে ৷ তামোল পাণৰ বঁটা লৈ মণি মাধব মহন্তই গাঁৱৰ শিপিনীসকলক নিমন্ত্ৰনো আগবঢ়াইছে ৷

জানিব পৰা মতে ৩০ জানুৱাৰীত মণি মাধব মহন্তৰ বিবাহৰ মাঙ্গলিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ ১ ফেব্ৰুৱাৰীতে তেলিয়াগাঁৱৰ বাসভৱনত অনুষ্ঠিত হ'ব বিবাহৰ অভ্যৰ্থনা ৷ বিয়াৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিমন্ত্ৰন জনোৱা পৰ্ব আৰম্ভ হৈছে ৷ ৪২ বছৰীয়া প্ৰাক্তন আছু নেতা মণি মাধৱ মহন্তই জনায় যে "মা আৰু বৌহতঁৰ জোৰ আৰু হেচাত জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ বিবাহ পাশত আবদ্ধ হ.বলৈ আগবাঢ়িছো ৷"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in