দোকানৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ ৩০ টাকৈ গুলী...

বৃহস্পতিবাৰে চাবুৱা নগৰৰ সুৰজ কুমাৰ চাহ নামৰ ব্যক্তিজনৰ দোকানৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই গুলীকেইটা।
 দোকানৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ ৩০ টাকৈ গুলী...
Published on
Updated on

ডিজিটেল সংবাদ, চাবুৱাঃ চাবুৱা নগৰৰ মাজমজিয়াত এখন দোকানৰ পিছফালে পুটি থোৱা অৱস্থাত উদ্ধাৰ হয় ৩০ টা গুলী। বৃহস্পতিবাৰে চাবুৱা নগৰৰ সুৰজ কুমাৰ চাহ নামৰ ব্যক্তিজনৰ দোকানৰ পিছফালে পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই গুলীকেইটা।

জানিব পৰামতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা দোকানখনৰ পাছফালে নলা খান্দি থকা অৱস্থাত কেইজনমান কাম কৰা মানুহে উদ্ধাৰ কৰে গুলীকেইটা। উল্লেখ্য যে ৩০ টা গুলী ২কেজি হোৱাত এটা ডেম্পত বিক্ৰী কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে.।

এই ঘটনাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় চাবুৱা আৰক্ষী। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে উক্ত স্থানত কিদৰে আৰু কেনেকৈ উক্ত গুলীকেইটা উদ্ধাৰ হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

আৰু পঢ়ক: প্ৰতিটো ঘৰত পহৰা দিয়া অসম্ভৱ, বিহুত ঘৰ খালী কৰি নাযাব: আৰক্ষী আয়ুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in