নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰা শুভাৰম্ভ অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ পঞ্জীয়ন ড্ৰাইভ...

অসম যুৱ আয়োগৰ প্ৰশংসনীয় পদক্ষেপ
নাহৰকটীয়া মহাবিদ্যালয়ৰ পৰা শুভাৰম্ভ অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ পঞ্জীয়ন ড্ৰাইভ...

ডিজিটেল সংবাদ, নাহৰকটীয়া : অসমৰ সাধাৰণ জাতিৰ ছাত্ৰ ছাত্ৰী সকলক উপকৃত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ অসম যুৱ আয়োগে সমগ্ৰ অসমত আৰম্ভ কৰা অৰ্থনৈতিক ভাৱে দুৰ্বল লোক সকলৰ পঞ্জীয়ন অভিযান আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়।

আয়োগৰ সভাপতি তথা নাহৰকটীয়া বিধান সভা সমষ্টিৰ বিধায়ক তৰঙ্গ গগৈ উপ সভাপতি অৰুণ জ্যোতি মৰাণ সদস্য দ্বয় ক্ৰমে প্ৰমোদ ভেংৰা, ভাস্কৰ জ্যোতি গগৈ, নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰ, প্ৰশাসনিক সমন্বয়ক ড০ স্মৃতি ৰেখা গগৈ গায়ন, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ অনন্ত কুমাৰ বৰুৱা আদি উপস্থিত থকা এই কাৰ্যসূচীত আয়োগৰ সভাপতি তৰঙ্গ গগৈ, চক্ৰ বিষয়া শৰৎ গগৈ আৰু অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে ছাত্ৰ ছাত্ৰী সকলক এই অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰমাণ পত্ৰৰ জৰিয়তে কিদৰে ভৱিষ্যত দিনত উচ্চ শিক্ষাকে ধৰি চাকৰি আদি লাভৰ ক্ষেত্ৰত লাভৱান হব পাৰি সেই সম্পৰ্কে সুচাৰুভাৱে বুজাই দিয়ে।

লক্ষণীয় যে অধ্যাপক ড০ ধীৰাজ কুমাৰ দাসে আঁত ধৰা এই অনুষ্ঠানতে সদ্যসমাপ্ত অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচনত সভাপতিৰ দায়িত্ব লাভ কৰাৰ বাবে বিধায়ক তৰঙ্গ গগৈক নাহৰকটীয়া মহাবিদ্যালয় পৰিয়াল আৰু নাহৰকটীয়া বেডমিণ্টন ফেনচ ক্লাৱৰ পৰা সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ উদ্যোগত The Assam State Youth Commissionৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ(EWS) পঞ্জীকৰণ প্ৰক্ৰিয়াৰ অংশস্বৰূপে আজি নাহৰকটীয়া মহাবিদ্যালয়ত অসম যুৱ আয়োগৰ অধ্যক্ষ হিচাপে আয়োগৰ মাননীয় উপাধ্যক্ষ অৰুণ জ্যােতি মৰাণ ডাঙৰীয়াৰ সৈতে শুভাৰম্ভণি কৰা হয়।

সাধাৰণ শ্ৰেণীৰ যুৱক-যুৱতীৰ বাবে অসম চৰকাৰে ১০% সংৰক্ষণ ব্যৱস্থা ৰাখিছে কিন্তু বহু সময়ত আৰ্থিকভাবে পিছপৰা শ্ৰেণী (EWS) প্ৰমাণপত্ৰখন সংগ্ৰহত দেখা দিয়া সমস্যাৰ বাবে অসম যুৱ আয়োগে প্ৰমাণপত্ৰ সংগ্ৰহত সৰলতা প্ৰদানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে ৰাজ্যৰ শিক্ষানুষ্ঠানৰ লগতে অন্যান্য অনুষ্ঠানৰ মাধ্যমেৰে যুৱক-যুৱতীসকলক প-পত্ৰ যোগান ধৰিব। কৰা হৈছে যে এই পদক্ষেপে EWS প্ৰমাণপত্ৰৰ বাবে যোগ্য বিবেচিতসকলক উচ্চ শিক্ষা, চাকৰি আৰু বিভিন্ন সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

আজিৰ অনুষ্ঠানটোত অসম যুৱ আয়োগৰ মাননীয় সদস্যসকল শ্ৰীপ্ৰমোদ ভেংৰা ডাঙৰীয়া, শ্ৰীভাস্কৰ পাপুকন গগৈ ডাঙৰীয়া, নাহৰকটীয়া মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ শ্ৰীজ্যোতি প্ৰসাদ কোঁৱৰ ডাঙৰীয়া আৰু মাননীয় চক্ৰ বিষয়া শ্ৰীশৰৎ গগৈ ডাঙৰীয়াও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in