অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পত এক নতুন সংযোজন ৰাজলক্ষ্মী থিয়েটাৰʼৰ

মাংগলিক কাৰ্যৰে স্থায়ী আখৰা গৃহৰ লাইখুঁটা স্থাপন
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পত এক নতুন সংযোজন ৰাজলক্ষ্মী থিয়েটাৰʼৰ

ডিজিটেল সংবাদ, বজালী : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পত এক নতুন সংযোজন, ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান, নাট্যনগৰী পাঠশালাৰ বামাখাটাত আজি ʼৰাজলক্ষ্মী থিয়েটাৰʼৰ স্থায়ী আখৰা গৃহৰ লাইখুঁটা স্থাপন কৰে ভ্ৰাম্যমাণ আৰু বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰে।

আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰম্যভূমি বজালীৰ পাঠশালা নগৰৰ নিকটবৰ্তী বামাখাটা গাঁৱত লাইখুটা স্থাপন কৰি পৰাশৰে ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰক এই পদক্ষেপৰ বাবে শলাগ জ্ঞাপন কৰাৰ লগতে থিয়েটাৰৰ গতিশক্তি প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ সুপৰামৰ্শ আগবঢ়ায়। বিশিষ্ট শিল্পী লক্ষ্মী দাসে আত ধৰা লাইখুটা স্থাপন অনুষ্ঠানটোত প্ৰযোজকৰ মাতৃ নিৰদা তালুকদাৰ, বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰ, সামগ্রীক পৰিচালকৰ মাতৃ জয়াবতী তালুকদাৰ, টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক কমলা ডেকা, পাঠশালা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰবোধ শৰ্মা, বিশিষ্ট ভায়োলিন বাদক দীপক বৰুৱা, পাঠশালা ৰাস মহোৎসৱৰ কাৰ্য্যকৰী সভাপতি গিৰীশ পাটগিৰী, পৰিয়ালবৰ্গৰ হৈ ক্ৰমে তিলোত্তমা দাস আৰু কানন ডেকা, ডাঃ শশাংক তালুকদাৰ, সহ প্ৰযোজক ডিম্পল তালুকদাৰ, নিৰ্মল ৰয়, সামগ্রিক পৰিচালক নিতুল তালুকদাৰ, টুটুুল তালুকদাৰ সমন্বিতে বহু বিশিষ্ট লোকে অংশ লয়।

ইয়াৰ আগেয়ে স্থায়ী আখৰা গৃহৰ চৌহদৰ দ্বাৰ মাংগলিক পূজা অৰ্চনাৰে মুকলি কৰা হয়। আখৰা গৃহ নিৰ্মাণ কাৰ্যৰ অনুষ্ঠানটি বিশিষ্ট ভায়োলিন বাদক দীপক বৰুৱাই ভায়োলিন বাদনেৰে শুভাৰম্ভ কৰে। বিশিষ্ট শিল্পী লক্ষ্মী দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানটোত নাট্যকাৰ আৰু পৰিচালক অভিজিৎ ভট্টাচাৰ্য্য, অভিনেতা ক্ৰমে নৱজিৎ কাশ্যপ, দেৱজিৎ ৰয়, চন্দন দাস, দীপাংকৰ তালুকদাৰ, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ, পাঠশালা পৌৰ সভাৰ পৌৰপতি আৰু উপপৌৰপতি ক্ৰমে জলী চৌধুৰী, ৰাতুল, যুব-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ক্ৰমে বীজন বায়ন, মৃদুল তালুকদাৰ, আছু নেতা ধীমান শৰ্মা,বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰী, বিশিষ্ট সমাজকৰ্মী দিলীপ বৰুৱা, অপূৰ্ব বৰুৱা, ৰাজেন ৰয় , লাবণ্য পাটগিৰি, আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়,বিশিষ্ট ব্যবসায়ী অনাদি পাটগিৰি, বজালী জিলাৰ উন্নয়ন আয়ুক্ত মানস দাস, বজালী জিলা পৰিষদৰ সভাপতি ৰনজিত শালৈ ,বামাখাটা সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া, ইউনাইটেড ক্লাব, কেন্দুগুৰীৰ বিষয়ববীয়া সহ বহু গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত বিশিষ্ট প্ৰবীণ অভিনেতা লংকেশ্বৰ তালুকদাৰ, বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, পাঠশালা উদয়ন সংঘৰ সভাপতি ৰুবুল শৰ্মা, নাট্যকাৰ আৰু পৰিচালক কিশোৰ তহবিলদাৰ, পাঠশালা বজাৰ কমিটিৰ সম্পাদক জিতেন তালুকদাৰে ভাষণ ৰাখে। বামাখাটা ৰাইজৰ লগতে গোটেই বজালী বাসীয়ে এই প্ৰয়াসক সহৃদয়তাৰে আদৰণি জনায়। অনুষ্ঠানত ৰাজলক্ষী থিয়েটাৰ পৰিয়ালৰ প্ৰয়াত মোহিনী মোহন তালুকদাৰ, প্ৰয়াত উদ্বব তালুকদাৰ, প্ৰয়াত হেমাংগ তালুকদাৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in