ৰে'লৱেৰ দখলিকৃত ভূমিত চলিব উচ্ছেদ ! ক্ৰিকেট মেচত অংশলৈ শীৰ্ষ বিষয়াৰ হুংকাৰ....

ৰে'লৱেৰ দখলিকৃত ভূমিত চলিব উচ্ছেদ !ক্ৰিকেট মেচত অংশলৈ শীৰ্ষ বিষয়াৰ হুংকাৰ....

author-image
Asomiya Pratidin
New Update
ৰে'লৱেৰ দখলিকৃত ভূমিত চলিব উচ্ছেদ ! ক্ৰিকেট মেচত অংশলৈ শীৰ্ষ বিষয়াৰ হুংকাৰ....

ৰে'লৱেৰ দখলিকৃত ভূমিত চলিব উচ্ছেদ !ক্ৰিকেট মেচত অংশলৈ শীৰ্ষ বিষয়াৰ হুংকাৰ....

ডিজিটেল সংবাদ লামডিঙঃ ৰে'লৱেৰ মাটি অবৈধ ভাৱে দখল কৰি থকা লোকসকলৰ কৱলৰ পৰা সেই মাটি উদ্ধাৰ কৰাৰ বাবে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিব উত্তৰ পূৱ ৰে'লৱেয়ে। ৰে'লৱেৰ দখলকৃত ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ।

Advertisment

আজি লামডিঙ ৰে'লৱে বিবেকানন্দ খেল পথাৰত আয়োজন কৰা ক্ৰিকেট প্ৰতিযোগিতাত এই মন্তব্য প্ৰকাশ কৰিছে ৰে'লৱেৰ মাণ্ডলিক প্ৰৱন্ধক জে এচ লাকৰাই। ক্ৰিকেট মেচখনৰ পূৰ্বে ৰে'লৱে খেলপথাত মাণ্ডলিক প্ৰৱন্ধকগৰাকীয়ে গছ পুলি ৰোপন কৰে ৷

ইয়াৰ মাজতে তেওঁ সাংবাদিকৰ আগত কয়, নতুন বৰ্ষত ৰে'লৱে বিভাগে যাত্ৰীৰ বাবে নতুন পৰিকল্পনা হাতত লৈছে ৷ অসমকে ধৰি উত্তৰ পূৰ্ৱৰ বিভিন্ন স্থানৰ সৈতে বহি:ৰাজ্যৰ যাতায়তৰ বাবে ৰে'ল সেৱাৰ কাম আৰম্ভ কৰিব ৷

আনফালে ৰে'লৱে ভূমি দখল কৰি বসবাস কৰা অঞ্চলসমূহত উচ্ছে চলাব। তেওঁ কয়, ৰে'লৱেৰ ভূমি ৰে'লৱেয়ে বিচাৰিলে দখল কৰি থকা লোকসকলে উভতাই দিয়াটো বাধ্যতামূলক।

প্ৰচণ্ড শীতৰ মাজতে লামডিঙত অনুষ্ঠিত হোৱা লামডিং ৰে'লৱে মণ্ডলৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যায় টি-২৫ ক্ৰিকেট মেচ। এই মেচত অংশগ্ৰহণ কৰে ৰে'লৱেৰ মাণ্ডলিক প্ৰৱন্ধক জে এছ লাকৰা, বাণিজ্যিক বিভাগৰ ডি চি এম আই চি কপিঞ্জল কিশৰ শৰ্মাৰ লগতে লামডিঙ ৰে'লৱে চিকিৎসালয়ৰ অধীক্ষক, চিকিৎসক আৰু উচ্চ পদস্থ বিষয়াসকলে।

উল্লেখ্য যে অতি ব্যস্তাৰ মাজতে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ বিষয়াসকলে আজি অনুষ্ঠিত ক্ৰিকেট মেচত অংশগ্ৰহণ কৰি অতি উৎসাহিত হৈ পৰে। ৰে'লৱেৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে অনুষ্ঠিত হয় এই মেচ।

ক্লিক কৰি পঢ়কঃ চতিয়াৰ উচ্ছেদিত সংখ্যালঘু অঞ্চলত আদৰ্শ গাঁও দেখি সন্তুষ্টি প্ৰকাশ বিধান সভাৰ পাব্লিক একাউণ্ট কমিটিৰ...

লামডিং ৰে'লৱে