ছিপাঝাৰত ৩৯৭টা ভূমি বেদখলকাৰী পৰিয়ালক উচ্ছেদ প্ৰশাসনৰঃ ২২৩টা পৰিয়ালে নিজেই এৰিলে ঘৰ

ছিপাঝাৰত ৩৯৭টা ভূমি বেদখলকাৰী পৰিয়ালক উচ্ছেদ প্ৰশাসনৰঃ ২২৩টা পৰিয়ালে নিজেই এৰিলে ঘৰ

ডিজিটেল সংবাদ, ছিপাঝাৰঃ ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ ভুমি বেদখল কৰি থকা ৩৯৭টা পৰিয়ালক সোমবাৰে বুলড'জাৰেৰে উচ্ছেদ কৰাৰ পিচত বাকী থকা পৰিয়ালসমূহে মঙলবাৰে নিজেই ঘৰ দুৱাৰ ভাঙি দলগাঁৱলৈ স্থানান্তৰ হ'বলৈ সাজু হৈছে।

উল্লেখযোগ্য যে গৰুখুটি কৃষি প্ৰকল্পৰ ভুমি বেদখল কৰা ২০৫১টা পৰিয়ালক দলগাৱত সংস্থাপিত কৰাৰ বাবে চৰকাৰে বিগত ২০২১ বৰ্ষতে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আমছুকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনৰ দাবীৰ ভিত্তিতে চৰকাৰে এই পৰিয়ালসমূহক দলগাঁৱত মাটি আবন্টন দি পুনৰ সংস্থাপিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি জিলা প্ৰশাসনে ২০৫১ টা পৰিয়ালক দলগাঁৱত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰি এই পৰিয়ালসমুহক পৰ্যায়ক্ৰমে দলগাঁৱলৈ স্থানান্তৰ কৰি সংস্থাপিত কৰে।

কিন্তু ইয়াৰ ৬২০টা পৰিয়ালে এৰা নাছিল প্ৰকল্পৰ ভূমি। প্ৰশাসনৰ বাৰম্বাৰ নিৰ্দেশৰ পিচতো এই পৰিয়ালসমূহে দলগাঁৱলৈ স্থানান্তৰ নোহোৱাত সোমবাৰে প্ৰশাসনে ৩৯৭টা পৰিয়ালক উচ্ছেদ কৰে। প্ৰশাসনে আজিও উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছিল যদিও বাকী থকা পৰিয়ালসমূহে নিজেই ঘৰ দুৱাৰ ভাঙি দলগাঁৱলৈ স্থানান্তৰ হবলৈ সাজু হৈছে। প্ৰশাসনে উচ্ছেদ কৰা পৰিয়ালসমূহৰ মাজত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

ছিপাঝাৰত ৩৯৭টা ভূমি বেদখলকাৰী পৰিয়ালক উচ্ছেদ প্ৰশাসনৰঃ ২২৩টা পৰিয়ালে নিজেই এৰিলে ঘৰ
মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-নগদ ধন জব্দঃ গ্ৰেপ্তাৰ উগ্ৰপন্থী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in