মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-নগদ ধন জব্দঃ গ্ৰেপ্তাৰ উগ্ৰপন্থী

মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-নগদ ধন জব্দঃ গ্ৰেপ্তাৰ উগ্ৰপন্থী

ডিজিটেল সংবাদ, শিলচৰঃ অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান চলাই নিৰাপত্তা বাহিনীয়ে চাৰিজনকৈ উগ্ৰপন্থীক কৰায়ত্ব কৰিছে।‌ উগ্ৰপন্থীৰ‌ বিৰুদ্ধে দুটা পৃথক অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ পৰা নিষিদ্ধ সংগঠন ইউএনএলএফ (পি)ৰ এজন আৰু প্ৰিপাকৰ তিনিজন সহ চাৰিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে।

উগ্ৰপন্থী কেইজনৰ পৰা পিস্তল, মেগজিন, গুলি সহ নগদ ১ লাখ ৯০ হাজাৰ টকা জব্দ কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ইম্ফল পশ্চিম জিলাৰ থাংগল বজাৰৰ পৰা পিপলছ ৰিভল্যুচনেৰী পাৰ্টি অৱ কাংগলেইপাকৰ (প্ৰিপাক)ৰ ৪জন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত কেডাৰ কেইজন- কনথৌজাম কুমাৰ সিং (৪৬), অংকুৰ মহাৱাৰ (৪০), আৰু নবীন মহাৱাৰ (৪৮)। তালাচীৰ সময়ত উগ্ৰপন্থী কেইজনৰ পৰা নগদ ১,৯০,০০০ টকা আৰু তিনিটা মোবাইল ফোন উদ্ধাৰ কৰা হয়। উগ্ৰপন্থী কেইজন ধন দাবীৰ সৈতে জড়িত আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।

ইফালে, ইম্ফল পশ্চিম জিলাৰ এম আই ৰোডৰ পৰা আৰক্ষীয়ে আচেম নবাচন্দ্ৰ মেইটেই (৪১) নামৰ এজন ইউ এন এল এফ (পি)ৰ উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰে। উগ্ৰপন্থীজনৰ বিৰুদ্ধে ধন দাবীৰো অভিযোগ আছে। ধৃত উগ্ৰপন্থীজনৰ পৰা এটা পইন্ট থ্ৰি টু পিষ্টল, এটা মেগজিন আৰু ৯টা সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে।

ইয়াৰোপৰি, আইলেণ্ড গাঁৱত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বৃহৎ অস্ত্ৰ-শস্ত্ৰ গুলি আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয় যদিও আৰক্ষী অহাৰ উমান পাই ৭জন দুষ্কৃতিকাৰী তাৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। অভিযান কালত মেগজিনসহ এটা ইনছাছ ৰাইফল, এটা ইনছাছ এলএমজি, মেগজিনসহ এটা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, দুটা এছবিবিএল ১২ ব’ৰ বন্দুক , ৫৯ সংক্ৰি গুলী সহ বহুতো আপত্তি জনক সামগ্ৰী জব্দ কৰা হয়।

ইফালে, অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ইম্ফল পূব জিলাৰ ছাবুংখক খুনাও-টুচিন ৰিজ ৰ পৰা বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰে। অভিযান কালত ৩ টা ইম্প্ৰভাইজড লং ৰেঞ্জ মৰ্টাৰ, ১টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল, ২টা ১২ ব’ৰ গান, ২৫ টা সক্ৰিয় গুলী আৰু ২টা হেণ্ড গ্ৰেনেড জব্দ কৰা হয়।

মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-নগদ ধন জব্দঃ গ্ৰেপ্তাৰ উগ্ৰপন্থী
বিহালীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সচিবৰ বিৰুদ্ধে অশ্লীল ইংগিত দিয়াৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in