/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9f52f5df-89dd-445a-a372-05546dd26f8f/apdcl.jpg)
নতুন বছৰৰ উপহাৰ ! প্ৰতি ইউনিট বিদ্যুৎ মাছুল ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ...
ডিজিটেল ডেস্কঃ নতুন বছৰৰ উপহাৰ ! পুনৰ বৃদ্ধি কৰা হ'ব বিদ্যুৎ মাছুল। নতুন বছৰৰ আৰম্ভণিতে উপভোক্তাক মাধমাৰ শোধাই শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে।
জানিব পৰা মতে এ পি ডি চি এলে এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে বিদ্যুৎ নিয়ামক আয়োগলৈ। এই প্ৰস্তাৱৰ ওপৰত আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এ পি ডি চি এলে। এ পি ডি চি এলে গ্রাহকক উন্নত সেৱা প্রদান কৰিবলৈ এই সিদ্ধান্ত গ্রহণ কৰিছে বুলিও প্ৰকাশ কৰিছে।
ক্লিক কৰি পঢ়কঃ এই সময়খিনিত পাৰিলে নচলাব গাড়ী, সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় এই সময়তে...