Advertisment

অসমত প্ৰস্তুত কৰা বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ হ’ব বিদেশী ৰাষ্ট্ৰত...

অসমত প্ৰস্তুত কৰা বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰিব আমেৰিকা আদিৰ দৰে বিদেশী ৰাষ্ট্ৰই। উত্তৰ- পূবক প্ৰযুক্তিৰ হাব হিচাপে গঢ় দিয়াৰ লক্ষ্য লৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা ‘নৰ্থ- ইষ্ট’ৰ অৰ্থ হ’ব ‘নতুন ইঞ্জিন’ (নিউ ইঞ্জিন)।

author-image
Asomiya Pratidin
New Update
Ashwini Vaishnaw in assam

Ashwini Vaishnaw in assam

ডিজিটেল ডেস্ক : অসমত প্ৰস্তুত কৰা বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰিব আমেৰিকা আদিৰ দৰে বিদেশী ৰাষ্ট্ৰই। উত্তৰ- পূবক প্ৰযুক্তিৰ হাব হিচাপে গঢ় দিয়াৰ লক্ষ্য লৈছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা ‘নৰ্থ- ইষ্ট’ৰ অৰ্থ হ’ব ‘নতুন ইঞ্জিন’ (নিউ ইঞ্জিন)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মোদ্যমৰ বাবে আজি বৈদ্যুতিক ক্ষেত্ৰৰ হাব হ’বলৈ গৈ আছে অসম। 

Advertisment
Ashwini Vaishnaw
Ashwini Vaishnaw

 

জাগীৰোডৰ ছেমি কণ্ডাক্টত প্ৰস্তুত হ’ব লগা বৈদ্যুতিক চিপছ ৰপ্তানি হ’ব বিদেশী ৰাষ্ট্ৰলৈ। মেড ইন অসমত বিশেষ গুৰুত্ব দিছে কেন্দ্ৰই। নৱবৰ্ষৰ তৃতীয় দিনটোত এই কথা প্ৰকাশ কৰিলে কেন্দ্ৰীয় ৰে’ল তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 

শুভ উদ্বোধন
শুভ উদ্বোধন

 

শুকুৰবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত অনুষ্ঠিত এক অনুষ্ঠানত কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে গুৱাহাটী- লখিমপুৰ, তিনিচুকীয়া - নাহৰলগুণ আৰু গুৱাহাটী বঙাইগাঁও সংযোগী ৩খন নতুন ৰে’লৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। 

উক্ত অনুষ্ঠানতে তেওঁ ভাৰ্চুৱেলী কোকৰাঝাৰ এফ এম ৰেডিঅ’ ষ্টেচনৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানটিত কোকৰাঝাৰৰ পৰা সংযোগত থাকে বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো। বড়োৱে কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড০ শৰ্মাক ধন্যবাদ জনাই কয় যে এই এফ এম কেন্দ্ৰটিৰ জৰিয়তে কোকৰাঝাৰবাসীৰ এটা বহুদিনীয়া আশা পূৰণ হ’ল।

Ashwini Vaishnaw
Ashwini Vaishnaw

 

আনহাতে একেটা অনুষ্ঠানতে ‘ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৰিম’টৰ বুটাম টিপি কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰযুক্তি বিশ্ববিদ্যালয় দেশৰ ১১টা স্থানত নিৰ্মাণ কৰা হ’ব। 

এই বিশ্ববিদ্যালয়ৰ জৰিয়তে অসমত তথা আন আন ৰাজ্যৰ যুৱক- যুৱতীসকল অধিক লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী বৈষ্ণৱে। লগতে অসমৰ জাগীৰোডত নিৰ্মাণ হ’ব লগা এই বিশ্ববিদ্যালয়ৰ কেম্পাছত যুৱক- যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ উপৰি ৰাজ্যৰ বাহিৰতো নিজৰ কৰ্ম দক্ষতাৰ জৰিয়তে উপকৃত হোৱাৰ লগতে প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। 

শুভ উদ্বোধন
শুভ উদ্বোধন

 

এই বিশ্ববিদ্যালয়ৰ প্ৰকল্প উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- অসমৰ যুৱক- যুৱতীৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা অসমৰ যুৱক- যুৱতীসকলে নিজ ৰাজ্যতে লাভ কৰিব বিজ্ঞান- প্ৰযুক্তিৰ অতি শেহতীয়া সংস্কৰণসমূহৰ শিক্ষা গ্ৰহণৰ সুবিধা। এ আই আদিৰ দৰে শিক্ষা লাভৰ সুবিধা হ’ব অসমত। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুদূৰ প্ৰসাৰী চিন্তাৰ ফচল।

শুভ উদ্বোধন
শুভ উদ্বোধন

 

প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্প স্থাপনৰ বাবে ৰাজ্যৰ কোনো দল তথা জাতীয় সংগঠনে স্মাৰকপত্ৰ দিয়া নাছিল, আন্দোলন কৰা নাছিল। জাতীয় দল- সংগঠনে চিন্তা কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ- পূবৰ কথা ভাবি এই প্ৰকল্প ৰূপায়ণত গুৰুত্ব দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

শুভ উদ্বোধন
শুভ উদ্বোধন

 

উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানটিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, সাংসদ দিলীপ শইকীয়া, বিজুলী কলিতা মেধি, পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী যোগেন মহন,  অশোক সিংহল, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, ৰে’ল বিভাগৰ কেইবাগৰাকী বিষয়ববীয়া, ছেমি কণ্ডাক্টৰ বিষয়ববীয়া আদি উপস্থিত থাকে।

Dr. Himanta Biswa Sarma Ashwini Vaishnaw