সলনি হ'ল ১৯টা বিধানসভা, এটা লোকসভা সমষ্টিৰ নামঃ গঠন হ'ল 'কাজিৰঙা' সমষ্টি...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ
সলনি হ'ল ১৯টা বিধানসভা, এটা লোকসভা সমষ্টিৰ নামঃ গঠন হ'ল 'কাজিৰঙা' সমষ্টি...

ডিজিটেল ডেস্কঃ প্রকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। শুকুৰবাৰে নিৰ্বাচন আয়োগে প্রকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত সলনি হ’ল ১৯টা বিধানসভা সমষ্টিৰ লগতে ১টা লোকসভা সমষ্টিৰ নাম।

সেই অনুসৰি পূৰ্বৰ মানকাচৰ সমষ্টিৰ নতুন নাম হ’ব বীৰসিং জাৰোৱা, পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টিৰ নাম হ’ব মানকাচৰ, পূৰ্বৰ মাণিকপুৰ সমষ্টিৰ নাম হ’ব সৃজনগ্রাম, পূৰ্বৰ ভৱানীপুৰ সমষ্টিৰ নাম হ’ব ভৱানীপুৰ-সৰভোগ, ৰূপসী সমষ্টিৰ নাম হ’ব পকাবেতবাৰী।

আনহাতে বকো সমষ্টিৰ নতুন নাম হ’ব বকো-ছয়গাঁও। প্ৰকাশিত তালিকা অনুসৰি বকো-ছয়গাঁও সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ব। ইপিনে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ’ব হাজো-শুৱালকুছি সমষ্টি; এই সমষ্টিৰ পূৰ্বৰ নাম আছিল হাজো সমষ্টি।

পূৰ্বৰ গোৱৰ্ধনা সমষ্টিৰ নতুন নাম মানস হোৱাৰ বিপৰীতে বটদ্রৱা সমষ্টিৰ নতুন নাম হ’ব ধিং। একেদৰে নগাঁও সমষ্টিৰ নতুন নাম হ’ব নগাঁও-বটদ্রৱা। চতিয়া সমষ্টিৰো নতুন নাম হ’ব নদুৱাৰ।

উজনি অসমৰ চাবুৱা সমষ্টিৰ নতুন নাম চাবুৱা-লাহোৱাল হোৱাৰ বিপৰীতে মৰাণ সমষ্টিৰ নতুন নাম হ’ব খোৱাং। ইপিনে ডিমা হাছাওৰ নতুন নাম হ’ব হাফলং। এই সমষ্টি সংৰক্ষিত হ’ব অনুসূচিত জনজাতিৰ বাবে। লগতে আলগাপুৰ সমষ্টিৰ নতুন নাম হ’ব আলগাপুৰ-কাটলিছেৰা। তদুপৰি বদৰপুৰ সমষ্টিৰ নতুন নাম উত্তৰ কৰিমগঞ্জ হোৱাৰ বিপৰীতে পূৰ্বৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নাম হ’ব দক্ষিণ কৰিমগঞ্জ সমষ্টি। আকৌ পূৰ্বৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নাম হ’ব পাথাৰকান্দি।

একেদৰে পূৰ্বৰ ৰাতাবাৰী সমষ্টিৰ নতুন নাম হ’ব ৰামকৃষ্ণ নগৰ সমষ্টি হিচাপে। এই সমষ্টিও সংৰক্ষিত হ’ব অনুসূচীত জাতিৰ বাবে। সমান্তৰালভাবে সলনি হ’ল দৰং সংসদীয় সমষ্টিৰ নাম। দৰং লোকসভা সমষ্টিৰ নতুন নাম হ’ব দৰং-ওদালগুৰি। ইপিনে বড়োলেণ্ডত ১১টাৰ পৰা ১৫টালৈ বৃদ্ধি বিধানসভা সমষ্টি।

আনহাতে পূৰ্বৰ দৰে ডিফু আৰু কোকৰাঝাৰ সংসদীয় সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ'ব। লগতে ধেমাজিত হ’ব এটা অ-সংৰক্ষিত বিধানসভা সমষ্টি। উল্লেখ্য প্ৰকাশিত তালিকা অনুসৰি বিলুপ্ত হ'ল কলিয়াবৰ সংসদীয় সমষ্টি। এই ঠাইত নতুন সমষ্টি হ’ব কাজিৰঙা।

তদুপৰি বৰাক উপত্যকাত হ’ব দুটাকৈ সংসদীয় সমষ্টি। ১৯টা বিধানসভা সমষ্টি, ২টা সংসদীয় সমষ্টি সংৰক্ষিত হ'ব অনুসূচিত জনজাতিৰ বাবে। লগতে ৯টা বিধানসভা সমষ্টি, ১টা লোকসভা সমষ্টি সংৰক্ষিত হ'ব অনুসূচিত জাতিৰ বাবে।

সলনি হ'ল ১৯টা বিধানসভা, এটা লোকসভা সমষ্টিৰ নামঃ গঠন হ'ল 'কাজিৰঙা' সমষ্টি...
দোষমুক্ত হ'ল উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত আটাইকেইজন অভিযুক্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in