
ডিজিটেল ডেস্কঃ অৱশেষত উত্তৰ কাছাৰ পাৰ্বত্য জিলা তথা বৰ্তমানৰ ডিমা হাচাওৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ পৰা ৰক্ষা পালে আৰ এইছ খান, মোহিত হোজাইকে ধৰি ১১ গৰাকী অভিযুক্তই। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই গোচৰটোৰ ওপৰত ৰায়দান কৰিছে।
বহু চৰ্চিত ১০০০ কোটী টকীয়া কেলেংলকাৰীত যিসকলক অভিযুক্ত কৰা হৈছিল অথবা গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল সেইসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়াত প্ৰতিয়নযোগ্য তথ্য,প্ৰমাণ দাখিলত তদন্তকাৰী সংস্থা ব্যৰ্থ হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত ঘোষণা কৰে।
উল্লেখ্য যে, উত্তৰ কাছাৰত সংঘটিত হোৱা এহেজাৰ কোটি টকীয়া কেলেংকাৰীয়ে জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। এই কেলেংকাৰীৰ সৈতে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত হোজাই, সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালক আৰ এইছ খান, উগ্ৰপন্থী সংগঠন ডি এইছ ডিৰ নেতা জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইকে ধৰি মুঠ ১১ জনক নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল।
ইয়াৰে ৮ জন অভিযুক্ত জামীনত আছিল যদিও নিৰঞ্জন হোজাই মোহিত হোজাই আৰু জুৱেল গাৰ্লোচাক নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। উল্লেখ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ এয়া আছিল অসম প্ৰথমটো গোচৰ।
উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এই এহেজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত নিয়াত NIA1/2009 নম্বৰত ৰুজু হোৱা গোচৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে তদন্ত চলাইছিলি। ইয়াৰ পাছতে নিয়াৰ আদলতে মুঠ ১১ জনক দোষী সাব্যস্ত কৰাৰ লগতে ৩ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।
নিয়া আদালতৰ সেই ৰায়কে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। ফলত নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা মোহিত হোজাই, নিৰঞ্জন হোজাই আৰু জুৱেল গাৰ্লোচাৰ মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হ'ল।
উল্লেখ্য যে, এই কেলেংকাৰীৰ অন্যতম অভিযুক্ত সমাজকল্যাণ বিভাগৰ উপ- সঞ্চালক হৈ থকাৰ সময়তে ২০০৬ ৰ পৰা ২০০৯ ৰ সময়ত সমাজ কল্যাণ বিভাগৰ ধন উগ্ৰপন্থী সংগঠন ডি এইছ ডিৰ বাবে অস্ত্ৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছিল।