নগাঁৱত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাৰ আয়োজন

নাট প্ৰতিযোগিতা মুকলি কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্ম্মাই

author-image
Asomiya Pratidin
New Update
নগাঁৱত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাৰ আয়োজন

নাট প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাৰ আয়োজন। ঐতিহ্যমণ্ডিত নগাঁও কলা মন্দিৰৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা ২৩ আৰু ২৪ ডিচেম্বৰত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Advertisment

সেই উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমৰ প্ৰতিষ্ঠিত নাট্যদলসমূহৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া উক্ত দুয়ো নিশাৰ নাটসমূহ উপভোগ কৰাৰ বাবে নগাঁও কলা মন্দিৰৰ তৰফৰ পৰা নাট্যপ্ৰেমী ৰাইজক সাদৰৰে নিমন্ত্রণ জনাইছে।

কাৰ্যসূচী অনুসৰি ২৩ ডিচেম্বৰ শুক্রবাৰে বিয়লি ৩ বজাত একাংকিকা নাট প্ৰতিযোগিতা মুকলি কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্ম্মাই । নাট উদ্বোধক কৰিব যশস্বী নাট্যকাৰ,নাট পৰিচালক ঐশ্বর্য কাকতিয়ে ৷ বিয়লি ৩-৪৫ বজাত আজীৱন সদস্য পদ প্রদান অনুষ্ঠান সম্পন্ন হ'ব ৷ বিয়লি ৪ বজাত প্রথম নিশাৰ প্ৰতিযোগিতা সমূহ আৰম্ভণি হ'ব ৷

আনহাতে ২৪ ডিচেম্বৰ শনিবাৰে বিয়লি ৩ বজাত দ্বিতীয় নিশাৰ প্ৰতিযোগিতা মুকলি অনুষ্ঠান উদ্বোধন কৰিব "লাইফ অৱ এ ড্ৰাইভাৰ",কেবিনৰ সিপাৰে গ্ৰন্থৰ স্ৰস্টা ৰূপম দত্তই ৷ বিয়লি ৩-৪৫ বজাত আজীৱন সদস্য পদ প্রদান। বিয়লি ৪ বজাত দ্বিতীয় নিশাৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ লগতে প্রতিযোগিতাৰ অন্তত বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হ'ব বুলি নগাঁও কলা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ কেশৱানন্দ গোস্বামী আৰু সাধাৰণ সম্পাদক কিশোৰ দাসে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে দুয়োটা নিশা মুঠ ২২ খনকৈ নাটক প্ৰদৰ্শিত হ'ব ৷

আৰু পঢ়কঃ টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা...

nagaon assam