খনন কাৰ্যত উদ্ধাৰ হ'ল ইজিপ্তৰ মামীৰ ৰঙীণ চিত্ৰ

খনন কাৰ্যত উদ্ধাৰ হ'ল ইজিপ্তৰ মামীৰ ৰঙীণ চিত্ৰ

ডিজিটেল ডেস্ক : ইজিপ্ত চৰকাৰে শেহতীয়াকৈ হাতত লোৱা পিৰামিডৰ ১০ম টি খনন কাৰ্যত উদ্ধাৰ কৰে প্ৰাচীন মামীৰ এখন ৰঙীণ চিত্ৰ । ইজিপ্তৰ ফেয়ামৰ গেৰ্জা খনন স্থলীত উদ্ধাৰ কৰা হয় এই চিত্ৰখনিৰ অৱশেষ ।

উল্লেখ্য যে, শেহতীয়া খনন কাৰ্যত উদ্ধাৰ হোৱা এই ফেয়াম চিত্ৰখনি হৈছে খনন কাৰ্যত উদ্ধাৰ হোৱা গুৰুত্বপূৰ্ণ তথ্য সমূহৰ অন্যতম । কিয়নো এই চিত্ৰখনিয়ে প্ৰাচীন ইজিপ্তিয়ান সভ্যতাত চিত্ৰকৰে অংকনৰ বাবে ব্যৱহাৰ কৰিছিল জীৱিত ব্যক্তিক । আনহাতে, এনে গুৰুত্বপূৰ্ণ চিত্ৰ প্ৰায় ১১৫ বছৰ পাছত হে উদ্ধাৰ কৰা হৈছে ইজিপ্তৰ খনন থলীৰ পৰা । আৰু উদ্ধাৰ কাৰ্যত জড়িত হৈ আছিল প্ৰখ্যাত ব্ৰিটিছ পুৰাতত্ববিদ ফ্লিণ্ডাৰ্ছ পেট্ৰি । পেট্ৰিয়ে ইতিমধ্যে প্ৰায় ১১৬ খন এনে চিত্ৰ উদ্ধাৰ কৰিছিল ১৯১১ চনতেই ।

আনহাতে, শেহতীয়াকৈ খনন কাৰ্যত উদ্ধাৰ হোৱা ফেয়াম চিত্ৰখনি প্ৰায় ২ হাজাৰ বছৰ পূৰ্বে ফিলাডেফিয়াত অংকন কৰা হৈছিল বুলি জানিবলৈ দিয়ে ইজিপ্তিয়ান চৰকাৰে । এই ফিলাডেলফিয়া আছিল এসময়ৰ গ্ৰীক আৰু ইজিপ্তিয়ান সকলৰ মূল বাসভূমি ।

ইয়াৰ ওপৰিও শেহতীয়াকৈ একেটা পুৰাতত্ববিদ সকলৰ দলেই খনন কাৰ্যৰ পৰা উদ্ধাৰ কৰিছিল দুটি প্ৰকাৰৰ কফিন, যি সেই সময়ৰ সমাজত থকা শ্ৰেণী বিভাজনৰ কথা সোঁৱৰাই দিয়ে । কিয়নো সাধাৰণ লোকৰ আৰু সমৃদ্ধিশালী লোকসকলৰ কফিনৰ মাজত আছিল বহু পাৰ্থক্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in