গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত আৰৱ গণৰাজ্য ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিচি আহিব ভাৰতলৈ।
গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইজিপ্তৰ ৰাষ্ট্ৰপতি...

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত আৰৱ গণৰাজ্য ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল চিচি আহিব ভাৰতলৈ। ২০২৩ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আব্দেল ফাত্তাহ এল চিচি।

ভাৰতৰ গণতন্ত্ৰ দিৱসত ইজিপ্তৰ ৰাষ্ট্ৰপতি প্ৰথমবাৰৰ বাবে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ভাৰত আৰু ইজিপ্তৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। দুয়োখন দেশে এই বছৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিব।

২০২১ চনত তেতিয়াৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু কভিডৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ভ্ৰমণ বাতিল কৰিছিল।

আৰু পঢ়ক:  মঙলদৈৰ কটহগুৰিত বাঘৰ মুক্ত বিচৰণ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in