/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b94cffc9-f368-492e-9544-78ba01cc3ea8/Ranoj_Peguuu.jpg)
ডিজিটেল ডেস্ক : ৰাজহুৱা শিক্ষাখণ্ডৰ পয়ালগা অৱস্থা পুনৰ উন্মোচন৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ শোচনীয় প্ৰদৰ্শন৷ আৰু সেয়ে শোচনীয় প্ৰদৰ্শন কৰা শিক্ষানুষ্ঠানৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী৷ ফলাফল বেয়া হোৱাৰ যথাযথ উত্তৰ দিয়াৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3bd86ced-f1d4-43a4-8d41-5a5d5a66d4a5/3cc756ac_b6d0_4b6a_a9a9_e704ab4bb997.jpg)
উল্লেখ্য যে, প্ৰাদেশিকীকৃত কলেজৰ উত্তীৰ্ণৰ হাৰ মাত্ৰ ৫৬.৮৯ শতাংশ ৷ তাৰ বিপৰীতে প্ৰাদেশিকীকৃত কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হৈছিল ৭০,৩৬৭ পৰীক্ষাৰ্থী ৷ ইয়াৰে উত্তীৰ্ণ মাত্ৰ ৪০,০৩৫ গৰাকী পৰীক্ষাৰ্থী, বিপৰীতে প্ৰাদেশিকীকৃত ছিনিয়ৰ ছেকেণ্ডাৰীৰ উত্তীৰ্ণৰ হাৰ ৭৮.৩৫ শতাংশ ৷ প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ হাৰ ৭৬.১৭%৷ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ হাৰ ৭৫.৯৩% ৷ টুইটযোগে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
Also Read: পৰ্বত চাহ বাগিচাৰ মৈদামসমূহ পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰাৰ অনুৰোধ...