পৰ্বত চাহ বাগিচাৰ মৈদামসমূহ পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰাৰ অনুৰোধ...

চৰাইদেউ পৰ্বত চাহ বাগিচাৰ অধীনত থকা একাধিক মৈদাম পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰি বিধায়ক লৈ পত্ৰ প্ৰেৰণ কৰ্তৃপক্ষৰ...

author-image
Asomiya Pratidin
New Update
পৰ্বত চাহ বাগিচাৰ মৈদামসমূহ পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰাৰ অনুৰোধ...

ডিজিটেল সংবাদ, চৰাইদেউঃ ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰক ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্য থলী হিচাপে চিহ্নিত কৰিবলৈ চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰাৰ সময়তে চৰাইদেউ পৰ্বত চাহ বাগিচা কৰ্তৃপক্ষই হাতত লৈছে এক বিশেষ ইতিবাচক পদক্ষেপ। বাগিচাখনৰ বৰ্তমানৰ মুখ্য পৰিচালক চাকিল ৰফিকে শনিবাৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক চৰাইদেউ পৰ্বত চাহ বাগিচাৰ এলেকাত থকা ঐতিহাসিক সম্পদসমূহ পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি এক পত্ৰ যোগে জানিব দিছে।

Advertisment

পত্ৰখনিত মুখ্য পৰিচালক গৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্র বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে অগ্ৰসৰ হোৱালৈ চাই বাগিচাখনৰ এলেকাত সোমাই থকা ঐতিহাসিক মিঠাপুখুৰী, ভৰালীপুখুৰী, ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম আৰু আন কোঁৱৰ, কুঁৱৰীৰ মৈদাম সমূহ যদিও বাগিচাৰ পট্টাৰ অধীনত নাই তথাপিও এই সম্পদসমূহ বিধায়ক গৰাকীৰ যোগেদি পুৰাতত্ত্ব বিভাগক হস্তান্তৰ কৰিবলৈ বাগিচাখনৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা বিধায়ক গৰাকীক অনুৰোধ জনায়।

বাগিচা কৰ্তৃপক্ষ বিশেষকৈ মুখ্য পৰিচালক গৰাকীৰ এনে ইতিবাচক আদৰণীয় পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে। দীৰ্ঘদিনীয়া এক দাবী আৰু উৎকণ্ঠা নিৰাময় কৰিবলৈ বাগিচাখনৰ কৰ্তৃপক্ষই যি তৎপৰতা অৱলম্বন কৰিছে তাক লৈ স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।

Also Read: "অসমীয়া জাতিৰ অন্যায় হোৱা কাম নকৰো"- পীযুষ হাজৰীকা...

GOVT OF ASSAM