একাদশ, দ্বাদশ শ্ৰেণীতেই নহয়, স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব ষষ্ঠ শ্ৰেণীতো...

একাদশ, দ্বাদশ শ্ৰেণীতেই নহয়, স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব ষষ্ঠ শ্ৰেণীতো...
একাদশ, দ্বাদশ শ্ৰেণীতেই নহয়, স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব ষষ্ঠ শ্ৰেণীতো...

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা। এতিয়াৰে পৰা মাধ্যমিক বিদ্যালয়ত কৰ্মৰত স্নাতকোত্তৰ শিক্ষকসকলেও পাঠদান কৰিব লাগিব ষষ্ঠ শ্ৰেণীত।

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰীয়ে স্বাক্ষৰ কৰা এই নিৰ্দেশনাত কোৱা হৈছে, ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ স্নাতকোত্তৰ শিক্ষকসকলে পাঠদান কৰিব লাগিব। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ পৰামৰ্শ আৰু শিক্ষাক্ষেত্ৰ, কাৰ্যালয় স্মাৰক পত্ৰৰ নিয়মাৱলীৰ অধীনত ৰাজ্যৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে।

নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ আন উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰা হৈছে। যাৰ বাবে বহু সংখ্যক বিদ্যালয়ত একেটা চৌহদতে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ উলব্ধ হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিটত প্ৰতিটো শ্ৰেণীৰ পাঠদান নিয়মীয়া কৰিবলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। নিৰ্দেশনাটোত কোৱা হৈছে যিহেতু বিদ্যালয়সমূহত যথেষ্ঠ সংখ্যক স্নাতকোত্তৰ শিক্ষক নিযুক্তি হৈ আছে আৰু পাঠ্যক্ৰমসমূহ ৰাষ্ট্ৰীয় তথা গোলকীয় মানলৈ উন্নীত কৰা হৈছে, সেয়েহে এই স্নাতকোত্তৰ শিক্ষকসকলক ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰিব লাগিব।

ইয়াৰ বাবে বিদ্যালয়সমূহৰ মূৰব্বীক স্নাতকোত্তৰ শিক্ষকসকলক শ্ৰেণী ভগাই দিবলৈও কোৱা হৈছে। উল্লেখ্য যে, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ অংশ হিচাপে বিদ্যালয় একত্ৰীকৰণৰ দৰে সিদ্ধান্তও গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in