/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5dc24329-5f98-45cb-af5a-bf63d63d8b65/earthquake_21.jpg)
ভয়ানক ভূমিকম্প ! এই পৰ্যন্ত ২০ জনৰ মৃত্যু, ৩০০ ৰো অধিক আহত...
ডিজিটেল ডেস্কঃ পুনৰ এক ভূমিকম্পই প্ৰাণ কাঢ়িলে ২০ জনলৈ লোকৰ। আনহাতে আহত হৈছে ৩০০ ৰো অধিক লোক। ইণ্ডোনেছিয়াৰ জাভা দ্বীপত সংঘটিত হৈছে এই ভূমিকম্পৰ ঘটনা।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬। এই ভূমিকম্পৰ ফলত বহু অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে। ফলত আহত লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে এই ভূমিকম্পৰ উৎপত্তিস্থল পশ্চিম জাভাৰ চিয়ানজুৰৰ ১০ কিলোমিটাৰ গভীৰতাত।
উল্লেখ্য যে ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰীয় “ৰিং অৱ ফায়াৰ”ত অৱস্থিত হোৱাৰ বাবে সঘনাই ভূমিকম্প আহি থাকে। ভূমিকম্পৰ উপৰিও ইয়াত আগ্নেয়গিৰিৰ উদগীৰণ হয়।
ক্লিক কৰি পঢ়কঃ নগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...