আকৌ আহিল ভূমিকম্পঃ ৰাজপথলৈ দৌৰ দিলে সাধাৰণ জনতা...

আকৌ আহিল ভূমিকম্পঃ ৰাজপথলৈ দৌৰ দিলে সাধাৰণ জনতা...

author-image
Asomiya Pratidin
New Update
আকৌ আহিল ভূমিকম্পঃ ৰাজপথলৈ দৌৰ দিলে সাধাৰণ জনতা...

আকৌ আহিল ভূমিকম্পঃ ৰাজপথলৈ দৌৰ দিলে সাধাৰণ জনতা...

ডিজিটেল ডেস্কঃ পুনৰ এক ভূমিকম্পই জোকাৰি গ'ল দেশৰ এটা অংশ। বুধবাৰে নিশা প্ৰায় ৯ঃ৩২ বজাত হিমাচল প্ৰদেশত কপি উঠিল ভূমিকম্পত। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১।

Advertisment

খবৰ অনুসৰি ভূমিকম্প অনুভৱ কৰাৰ লগে লগে লোকসকল ঘৰৰ ভিতৰৰ পৰা বাহৰলৈ দৌৰ মাৰে। তেওঁলোকৰ ভাষ্য অনুসৰি ১০ ৰ পৰা ১৫ ছেকেণ্ড পৰ্যন্ত এই কম্পন অনুভৱ কৰিছিল।

এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মাণ্ডিৰ ৰোপাৰুৰ ওচৰৰ নেৰী খাদ। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ বৰ্তমান পৰ্যন্ত অহা নাই। উল্লেখ্যে যে, যোৱা ১০ দিনৰ ভিতৰত কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে ভাৰতৰ কেইবাটাও অঞ্চল। চুবুৰীয়া নেপালত আকৌ বিগত সপ্তাহত অহা এটা ভূমিকম্পই বিস্তৰ ক্ষতি কৰিছিল।

ক্লিক কৰি পঢ়কঃ বৃহস্পতিবাৰৰ পৰা নিয়মীয়া পাঠদান আৰম্ভ হ'ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত

হিমাচল প্ৰদেশ ভূমিকম্প নেপাল