/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/0d1656d3-bfa2-49d1-9d8a-700b3ffe7bf6/dhubri_16.jpg)
বৃহস্পতিবাৰৰ পৰা নিয়মীয়া পাঠদান আৰম্ভ হ'ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত
ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ আন এক ভাল খবৰ। বৃহস্পতিবাৰে ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ'ব পাঠদান। যোৱা বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাৱে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম শুভাৰম্ভ কৰিছিল।
এই চিকিৎসা মহাবিদ্যালয়খনত প্ৰথমটো বেটচত ১০০ গৰাকী শিক্ষাৰ্থী আছে। উল্লেখ্য যে যোৱা ১৪ অক্টোবৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰ্ছুৱেলী এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিছিল।
ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠদান মুকলি হোৱাৰ লগে লগে অসমত এম বি বি এছ পাঠ্যক্ৰম উপলব্ধ মুঠ আসনৰ সংখ্যা ১২০০ লৈ বৃদ্ধি পালে।
ক্লিক কৰি পঢ়কঃ ডাঙৰ খবৰঃ মহেন্দ্ৰ সিং ধোনি আকৌ ঘূৰি আহিব ভাৰতীয় ক্ৰিকেটলৈ !