দুধনৈত কিশোৰী ধৰ্ষণকাৰীৰ আক্ৰমণত হিৰণ্ময় খাকলাৰীৰ মৃত্যু

দুধনৈত কিশোৰী ধৰ্ষণকাৰীৰ আক্ৰমণত হিৰণ্ময় খাকলাৰীৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ

dangor khabar

ডিজিটেল সংবাদ, দুধনৈঃ দুধনৈৰ টাঙাবাৰীত ৩মে'ত সংঘটিত ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি সংঘটিত হোৱা মাৰপিটত আঘাটপ্ৰাপ্ত এজন যুৱক চিকিৎসালয়ত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

উল্লেখ্য যে, ৩ মে'ত দুধনৈত অনুষ্ঠিত ৰংজালী বৈশাগুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি দুই কিশোৰীয়ে ঘৰলৈ গৈ থকা সময়তে তিনি পাষণ্ডই ধৰ্ষণ কৰি টাঙাবাৰীৰ পথৰ দাঁতিত পেলাই থৈ গৈছিল ৷ এই ঘটনাৰ সন্দৰ্ভত ৫ মে'ত পৰিয়ালৰ লোকে দুধনৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত দুধনৈ আৰক্ষীয়ে পকছ' (POCSO) আইনৰ অধীনত ভাৰতীয় দণ্ড বিধিৰ ৩৬৬(ডি) ধাৰাত গোচৰ ৰুজু কৰি লগে লগে ধৰ্ষণ কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত ধন তালুকদাৰক গ্ৰেপ্তাৰ কৰে ৷

আনহাতে ধন তালুকদাৰৰ সহযোগী দুই ধৰ্ষণকাৰী পলায়ন কৰিছিল যদিও আৰক্ষীয়ে মাৰাথান অভিযান চলাই ধৰ্ষণকাণ্ডৰ লগত জড়িত দুই অভিযুক্ত পাষণ্ড বাহাৰ আলী আৰু ৰহমান আলীক মাটিয়া থানাৰ অন্তৰ্গত দলগোমাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু তিনিওকে জেললৈ প্ৰেৰণ কৰে ।

ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি ৫ মে' নিশা টাঙাবাৰী গাঁৱত ঘটনাৰ লগত জড়িত মূল অভিযুক্ত দুধনৈ থানাৰ অন্তৰ্গত টাঙাবাৰী গাঁৱৰ ধন তালুকদাৰৰ ঘৰত সোধপোচ কৰিবলৈ ভালাপাৰা গাঁৱৰ যুৱকৰ দল এটা যোৱাত ধন তালুকদাৰৰ পৰিয়ালৰ লোক আৰু গাঁৱৰ একাংশ লোকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাত সংঘটিত হয় ৷ এই মাৰপিটৰ ঘটনাত দুয়ো পক্ষৰ ৬জনকৈ লোক আহত হৈছিল ৷

ইয়াৰে ভালপাৰা গাঁৱৰ হিৰন্ময় খাকলাৰী নামৰ যুৱকজনক অস্ত্ৰৰে আঘাট কৰিছিল ধন তালুকদাৰৰ পৰিয়াল তথা গাঁৱৰ লোকে ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মাৰপিটৰ ঘটনাত আহতসকলক উদ্ধাৰ কৰি দুধনৈ এফ আৰ ইউ হস্পিটেলত ভৰ্তি কৰায় ৷ ইয়াৰে গুৰুতৰভাৱে আহত যুৱক হিৰন্ময়ক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰে ।

গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা শুকুৰবাৰে হিৰন্ময় খাখলাৰীৰ মৃত্যু হয় ৷ মৃত্যুৰ পাছতে হিৰণ্ময়ৰ পৰিয়ালৰ লোকে ১৭ মে'ত দুধনৈ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি)/ ৩০২ ধাৰাত গোচৰ ৰুজু কৰি হত্যাকাণ্ডৰ গোচৰত মূল অভিযুক্ত ধন তালুকদাৰৰ ককাইয়েক শ্বেকাবৰ আলী আৰু ভনীয়েক পাৰবিনা বেগমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু জেললৈ প্ৰেৰণ কৰে ৷

এই ঘটনাই সমগ্ৰ দুধনৈ অঞ্চলত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ইপিনে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতিয়ে । নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদক ধীৰাজ হাজোৱাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এই ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ধন তালুকদাৰৰ লগতে সকলো অভিযুক্তক কঠোতম শাস্তি প্ৰদান কৰিব লাগে । অপৰাধী কেইটা যাতে কোনো পধ্যে আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে তাৰ বাবে চৰকাৰক আহ্বান জনায়। তেওঁ পুনৰ কয়- মূল অভিযুক্ত ধন তালুকদাৰে ৬মাহ পূৰ্বেও এগৰাকী কিশোৰীক ধৰ্ষণ কৰি জেললৈ গৈছিল। তিনি মাহ জেলত থাকি মুকলি হোৱাৰ পাছতে পুনৰ এই ঘটনা সংঘটিত কৰিছে। সেয়ে কোনো পধ্যে যাতে দোষীয়ে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰক আহবান জনায় ।

Also Read: অ'ল্ড এজ হোম তথা শিক্ষা ক্ষেত্ৰলৈ স্বাগত হাস্পতালৰ অৱদান..

Dudhnoi