অ'ল্ড এজ হোম তথা শিক্ষা ক্ষেত্ৰলৈ স্বাগত হাস্পতালৰ অৱদান..

অ'ল্ড এজ হোম তথা শিক্ষা ক্ষেত্ৰলৈ স্বাগত হাস্পতালৰ অৱদান..

author-image
Asomiya Pratidin
New Update
অ'ল্ড এজ হোম তথা শিক্ষা ক্ষেত্ৰলৈ স্বাগত হাস্পতালৰ অৱদান..

ডিজিটেল সংবাদ,গুৱাহাটীঃ স্বাস্থ্যসেৱাৰ বাবে পৰিচিত স্বাগত হাস্পতালে শেহতীয়াকৈ সমাজৰ উন্নতিৰ লক্ষ্যৰে কিছু প্ৰচেষ্টা হাতত লৈছে। বিশেষভাৱে সক্ষম ব্যক্তি আৰু শিশুৰ বাবে খাদ্য যোগান ধৰা,অশ্ৰয়গৃহ স্নেহালয়াক সহায় কৰা এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে হাস্পতালখনে।স্নেহালয়াৰ অৱাসী সকলৰ বাবে আচবাব,খাদ্য সামগ্ৰী, কাপোৰ আৰু ৰেচনৰ ব্যৱস্থা কৰিছে স্বাগত হাস্পতালে।

Advertisment

স্বাগত হাস্পাতালৰ পৰিচালন সঞ্চালক আৰু সঞ্চালকসকলে ৰূপনগৰৰ ভবদা দেৱী সোঁৱৰণী হোম ফৰ ডেষ্টিটিউট অ'ল্ড হোম (চেনেহ)লৈ কম্বল,ব্যক্তিগত সামগ্ৰী, দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী তথা ৰেচনৰ সামগ্ৰী বিতৰণ কৰে।

ইয়াৰোপৰি স্বাগত হাস্পাতালৰ পৰিচালন সঞ্চালক আৰু সঞ্চালকসকলে সম্প্ৰদায় উন্নয়নত ইয়াৰ মৌলিক ভূমিকাক স্বীকৃতি দি শিক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লৈছে।কামপুৰ এইচ.এছ. আৰু এম.পি. স্কুলৰ উন্নীতকৰণৰ হকে পদক্ষেপ গ্ৰহণ কৰে হাস্পতাল কৰ্তৃপক্ষই। স্বাগত গ্ৰুপ অৱ হাস্পতালৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰী এছ.এন. ভূঞাই ১৫ বছৰ পূৰ্বে শিক্ষকৰ কমন ৰুমৰ উন্নতিৰ বাবে অনুদান আগবঢ়াইছিল। 

এই ধাৰা অব্যাহত ৰাখি স্বাগত হাস্পতালে ছাত্ৰ-ছাত্ৰীৰ বাবে আধুনিক আৰু অনুকূল শিক্ষণ পৰিৱেশ সুনিশ্চিত কৰি যন্ত্ৰ আৰু সঁজুলি দান কৰে। লগতে বিদ্যালয়খনৰ বিজ্ঞান পৰীক্ষাগাৰৰ উন্নীতকৰণৰ দায়িত্ব গ্ৰহণ কৰিছে।

আনহাতে ১৮ মে’ত কামপুৰ এইচ.এছ আৰু এম.পি. বিদ্যালয়ৰ সম্প্ৰসাৰিত বিজ্ঞান পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পৰিচালন সঞ্চালক আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞ অধ্যাপক সুভাষ খান্না আৰু সঞ্চালক অধ্যাপক স্বাগতা খান্নাই।

উক্ত কাৰ্যসূচীৰ বাবে তেওঁলোকক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামী আৰু পৰিচালনা সমিতিৰ সদস্য যতীন বৰাই সম্বৰ্ধনা জনায়। পৰিচালন সঞ্চালক আৰু সঞ্চালকে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে প্ৰেৰণামূলক ভাষণ আগবঢ়ায়। 

এই কাৰ্যসূচীয়ে স্বাগত হাস্পাতালৰ দানশীল কামৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে। ইয়াৰোপৰি ২০২৪ চনৰ ২১ মে’ত গুৱাহাটীৰ এল অ' জি হিন্দী হাইস্কুলৰ  শ্ৰেণীকোঠা আৰু শিক্ষকৰ কমন ৰুমৰ বাবে আচবাব প্ৰদানৰো পৰিকল্পনা কৰিছে হাস্পতাল কৰ্তৃপক্ষই।

উল্লেখ্য যে, এই বিদ্যালয়তে অধ্যয়ন কৰা বাবে বিদ্যালয়খনে সুভাষ খান্নাৰ ব্যক্তিগত তাৎপৰ্য বহন কৰিছে।পৰ্যাপ্ত শ্ৰেণীকোঠাৰ আচবাবৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি স্বাগত হাস্পতালে বিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণত সহায় কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে।

পৰিচালন সঞ্চালক অধ্যাপক ডাঃ সুভাষ খান্না আৰু স্বাগত হাস্পতালৰ সঞ্চালক অধ্যাপক ডাঃ স্বাগতা খান্নাৰ প্ৰধান লক্ষ্য হৈছে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ব্যক্তিসকলক সমৰ্থন আগবঢ়োৱা আৰু সবলীকৰণ কৰা। সেয়ে তেওঁলোকে ভৱিষ্যতেও এই প্ৰচেষ্টাসমূহ অব্যাহত ৰাখিব বুলি জানিব দিয়ে।

Also Read: কামৰূপত ডাম্পাৰৰ উপদ্ৰপঃ থিতাতে নিহত টেম্পু চালক

swagat hospital old age home guwahati guwahati hospital