গুৱাহাটীত এবছৰত জব্দ হ'ল ৪০৭ কোটি টকাৰ ড্ৰাগছ...
ডিজিটেল ডেস্ক : নৱবৰ্ষ মানেই পুৰণিক পাহৰি নতুনক আদৰা নহয় । ইয়াৰ সৈতেই সংপৃক্ত হৈ থকা উচিত পুৰণি আসোঁৱাহ, ভুলবোৰৰ শুধৰণি । শাসনাধিষ্ঠ চৰকাৰে সততেই গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি ৰূপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে যদিও ইয়াৰ সৈতে জড়িত হৈ থকা ঋণাত্মক ঘটনা সন্দৰ্ভত নিৰৱ চৰকাৰ । স্মাৰ্ট চিটিৰ নামত সকলো বস্তুৰে উন্নতি, শ্ৰীবৃদ্ধিৰ সৈতেই বৃদ্ধি হৈছে অপৰাধমূলক ঘটনাও ।
উদাহৰণস্বৰূপে ২০২২ বৰ্ষত কেৱল গুৱাহাটী মহানগৰীতেই সংঘটিত হ'ল ৭২টা কৈ হত্যাকাণ্ড । জব্দ কৰা হ'ল ৪০৭ কোটি টকাৰ ড্ৰাগছ ।
এই পৰিসংখ্যা চিন্তনীয় । কিয়নো জব্দ নোহোৱাকৈ সুকলমে সৰবৰাহ হৈ যোৱা ড্ৰাগছৰ সংখ্যাও নিশ্চয়কৈ নগণ্য নহয় । প্ৰশাসন কঠোৰ হোৱাৰ পিছতো ড্ৰাগছ জনিত অপৰাধ সংঘটিত হৈ আছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত । তেনেস্থলত নিশ্চয়কৈ ১০০ শতাংশই সফল নহয় অসম আৰক্ষী । আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে ভাৰতৰ প্ৰত্যক্ষ সংযোগ হয় গুৱাহাটী মহানগৰীৰ জৰিয়তেই । ইতিমধ্যেই ড্ৰাগছৰ সোণালী ত্ৰিভূজ খ্যাত ম্যানমাৰ, ভিয়েটনামৰ পৰা নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰ হৈ দৈনিক সৰবৰাহ হৈ আছে ড্ৰাগছ । এই তিনিখন ৰাজ্যৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ তথা ৰাষ্ট্ৰলৈ মেলি দিয়া হৈছে ড্ৰাগছৰ জাল ।
এতিয়া হয়তো জব্দকৃত ড্ৰাগছখিনিৰ সৈতে আৰক্ষীক ব্যস্ত কৰি তুলি ইয়াতকৈ বৃহৎ সংখ্যাৰ ড্ৰাগছ সৰবৰাহ কৰা হৈছে অন্যথা সৰু সৰু পৰিসংখ্যাত খুচুৰা সৰবৰাহকাৰীৰ হাতত তুলি দিয়া হৈছে ড্ৰাগছ ।
প্ৰশ্ন হয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চল কাহানিবা ড্ৰাগছমুক্ত হ'ব নে ? কিয়নো এটা প্ৰজন্ম ড্ৰাগছৰ সৈতে জড়িত হোৱা মানেই সামগ্ৰিকভাৱে সমাজখন পিছুৱাই অহা । ড্ৰাগছ আসক্ত হৈ পৰাৰ সৈতেই ব্যক্তি এজনে হেৰুৱাব সাম্যক জ্ঞান, ৰাজনৈতিক চিন্তা-চেতনা আৰু বৌদ্ধিক অনুশীলন । যি ইতিমধ্যেই সংঘটিত হৈছে ত্ৰিপুৰাৰ খিলঞ্জীয়া প্ৰজন্মটোৰ সৈতে । গুৱাহাটী অথবা অসম ত্ৰিপুৰা হোৱাৰ পূৰ্বেই প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাটো কাম্য ।