নগাঁৱৰ মহিলা উদ্যোগী গোটৰ উৎপাদিত সামগ্ৰীয়ে মন মুহিলে আমেৰিকানৰ...

নগাঁৱৰ মহিলা উদ্যোগী গোটৰ উৎপাদিত সামগ্ৰীয়ে মন মুহিলে আমেৰিকানৰ...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ মহিলা উদ্যোগী গোটৰ উৎপাদিত সামগ্ৰীয়ে মন মুহিলে আমেৰিকানৰ...

নগাঁৱৰ মহিলা উদ্যোগী গোটৰ উৎপাদিত সামগ্ৰীয়ে মন মুহিলে আমেৰিকানৰ...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ "দৃষ্টি ফাউণ্ডেশ্যন" শীৰ্ষক এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠনৰ উদ্যোগত "স্বাৱলম্বন গ্ৰাম্য প্ৰয়োজনীয়তাৰ হকে এক সঁহাৰি" শীৰ্ষক কাৰ্যসূচীৰ অগ্ৰগতি পৰিদৰ্শন কৰিবলৈ আজি নগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ড আৰু ৰহা উন্নয়ন খণ্ডৰ কেইবাখনো গাঁৱত উপস্থিত হ'ল কেন লুইছ আৰু টাকাৰ লুইছ নামৰ দুজন আমেৰিকান ব্যক্তি। দৃষ্টি ফাউণ্ডেশ্যনৰ সৈতে একেলগে কাম কৰি অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰেটাৰ ইমপেক্ট নামৰ এটি সংস্থাৰ চি ই অ' টাকাৰ লুইছ আৰু কেন লুইছে গাঁওসমূহৰ কেইবাটাও মহিলা উদ্যোগী গোটৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰি গোটৰ মহিলা আৰু পৰামৰ্শদাতা সমিতিৰ লগত মত বিনিময় কৰে।

Advertisment

তেওঁলোকে গোটসমূহৰ মহিলাসকলক সীমিত ধন, সময় আৰু পৰিশ্ৰমৰ বিনিময়ত শ্ৰেষ্ঠ উৎপাদন কৰি অধিক লাভবান হ'বপৰা প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে, ২০২০ চনৰ পৰা নগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্ততৰ্গ নিজ হাতিচোং, ৰাইডঙীয়া, মাজ জাজৰি আৰু ৰহা উন্নয়ন খণ্ডৰ অন্ততৰ্গ ফুলগুৰি গাঁৱৰ মহিলাসকলে কৌশল বিকাশ, উদ্যোগীকৰণ, স্থায়ী উন্নয়নৰ লক্ষ্যৰে আৰম্ভ কৰা কাৰ্যসূচীৰ জড়িয়তে ইতিমধ্যে অঞ্চলসমূহত গঢ় লৈ উঠা মহিলা উদ্যোগী গোটসমূহে প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন আচাৰ, জাম, জেলি, পিঠা, জলপান, কাঠফুলা আদি খাদ্যসামগ্ৰী থলুৱা বস্ত্ৰ, ধূপকাঠি, পানী মেটেকাৰে প্ৰস্তুত কৰা সামগ্ৰী আদি উৎপাদনৰ লগতে ব্যৱসায়ীক ভিত্তিত হাঁহ কুকুৰা পালন কৰি লাভাম্বিত হৈছে।

আজি কেন লুইছ, টাকাৰ লুইছৰ লগতে দৃষ্টিৰ মেনেজিং ডাইৰেক্টৰ সত্যেন মিশ্ৰ, উত্তৰ-পূৰ্বাঞ্চলৰ মূৰব্বী বিষয়া পৰাগধৰ কোঁৱৰে অঞ্চলটোৰ মহিলা উদ্যোগী গোটসমূহৰ উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰত্যক্ষ কৰি প্ৰসংশা কৰে।

ক্লিক কৰি পঢ়কঃ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ১ লাখ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ...

নগাওঁ দৃষ্টি ফাউণ্ডেশ্যন