/asomiyapratidin/media/media_files/2025/06/12/neYPxHA0hKXpu4Ty0Cf7.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ভাৰতীয় শাস্ত্রীয় নৃত্যৰ প্ৰখ্যাত শিল্পী, নৃত্য পটীয়সী, সমাজসেৱী ড০ সোনাল মানসিঙক অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২৩ প্রদান কৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই। এই অভিনৱ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়া, পদ্মভূষণ যতীন গোস্বামী আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/06/12/DelwuL1csss9MywgCJ9m.jpg)
জগতগুৰুজনাৰ নামত এই আগশাৰীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াই ড০ সোনাল মানসিঙৰ অনন্য কৰ্মৰাজি আৰু প্ৰতিভাৰ প্ৰতি এক অনন্য সম্মান যচাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে। এই শুভ ক্ষণত ড° সোনাল মানসিঙক সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে আৰু তেখেতৰ বিস্তৃত অৰিহণাৰ ভূয়সী শলাগ লয়।
সোণোৱালে ভাষণ প্রসংগত কয়, "অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ উপৰি সত্ৰ, নামঘৰৰ পৰা বৰগীত, ভাওনা, সত্রীয়া সংস্কৃতিৰ প্ৰসাৰলৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাই জাতীয় জীৱনত এক নৱজাগৰণৰ সূচনা কৰি থৈ গৈছে। গুৰুজনাই একশৰণ নামধৰ্মৰ ঐশ্বৰিক তত্ত্বৰ জৰিয়তে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক সুদৃঢ় ভেটি স্থাপন কৰাই নহয়, জাত-পাত, ধৰ্ম আৰু সামাজিক ভেদাভেদৰ বাধাসমূহো আঁতৰাই পেলাইছিল।
/asomiyapratidin/media/media_files/2025/06/12/K51DQ6TPQ9a2YsfM7Fbk.jpg)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাৰ্যকলাপ কেৱল ধৰ্মৰ ক্ষেত্রতেই সীমাবদ্ধ নাছিল। তেৰাৰ কার্যকলাপ বহুমুখী আছিল। তেখেতে সমন্বয়, মানৱতা আৰু সভ্যতা-সংস্কৃতিৰ পুনৰুত্থানৰ বাবে বহুতো অৱদান আগবঢ়াইছিল। মহাপুৰুষ শংকৰদেৱে সকলোকে সমান দৃষ্টিৰে চাইছিল।
গুৰুজনাই পোন্ধৰ ষোল্ল শতিকাতে সমাজবাদ, ধৰ্মনিৰপেক্ষতা, সামাজিক ন্যায়, সমতা, উচ্চ-নীচৰ ভেদাভেদ দূৰীকৰণৰ দিশসমূহত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। সেয়ে তেখেতে বিভিন্ন জাতি-জনগোষ্ঠীৰ, ভাষা-ধৰ্মৰ লোকক শৰণ দিছিল।
উদাহৰণস্বৰূপে- নগাৰ নৰোত্তম, মিচিঙৰ পৰমানন্দ, গাৰোৰ গোবিন্দ, মুছলমানৰ চান্দসাই ইত্যাদি। গুৰুজনাই প্রতিষ্ঠা কৰি যোৱা নামঘৰসমূহ গ্রামাঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ। গুৰুজনাই তাহানিতে তৃণমূল পৰ্যায়ৰ পৰাই উত্তৰণৰ ভেটি স্থাপন কৰি পঞ্চায়তীৰাজ ব্যৱস্থাৰো নিদর্শন দেখুৱাই থৈ গ'ল।
মহাপুৰুষ শংকৰদেৱে এনে এখন সমাজৰ কল্পনা কৰিছিল আৰু ইয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল, য'ত জাতি-জনগোষ্ঠী আৰু বিভিন্ন সম্প্রদায়, ভাষা-ধর্ম-বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ লোকে একেলগে বহিব আৰু থিয় হ'ব পাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও এই নীতিকেই সাৰোগত কৰি 'সবকা সাথ, সবকা বিকাশ' নীতিৰে ভাৰতৰ বিকাশৰ নতুন দিগন্তৰ সূচনা কৰিছে।
মহাপুৰুষ শংকৰদেৱে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছিল। তেখেতৰ 'এক বৃক্ষ দশ পুত্ৰ সম'ৰ শিক্ষাই পৰিৱেশ অনুকূল আৰু প্ৰদূষণমুক্ত সমাজ গঢ়িবৰ বাবে আমাক অনুপ্রাণিত কৰি আহিছে। শ্রীমন্ত শংকৰদেৱৰ লেখাত বর্ণিত ভাৰতবৰ্ষৰ ধাৰণাও অতি অনন্য।
গুৰুজনাই পৱিত্ৰ ভাৰতভূমিৰ সন্দৰ্ভত কৈ গৈছে- কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহা পুণ্যৰাশি, সি সি কদাচিত মনুষ্য হোৱয় ভাৰত বৰিষে আসি। গুৰুজনাই অপূর্ব দৰ্শন আৰু সৃষ্টিৰাজিৰে অসমৰ সমাজ জীৱনক প্ৰদান কৰিছিল এক নতুন মাত্রা।
নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত মহাপুৰুষগৰাকীৰ অনৱদ্য অৱদান অতুলনীয়। আধ্যাত্মিক চিন্তা-চেতনা আৰু সমন্বয়ৰ বাণীৰে সমাজত শান্তি প্রতিষ্ঠা কৰিবলৈ গুৰুজনাই দেখুৱাই যোৱা বাটেৰে আমিও আগবাঢ়ি এখন বিকশিত, সমৃদ্ধ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াত আগভাগ ল'ব লাগিব।
/asomiyapratidin/media/media_files/2025/06/12/4HdCTf0pYVHHGQNRiy4G.jpg)
আনহাতে সোনাল মানসিঙক প্রশংসা কৰি সোণোৱালে কয়, "ভাৰতৰ সাংস্কৃতিক জগতৰ স্বনামধন্য ব্যক্তিসত্তা ড০ সোনাল মানসিং ডাঙৰীয়ানীয়ে ভাৰতীয় শাস্ত্রীয় নৃত্যৰ সাধনা আৰু প্ৰচাৰ-প্ৰসাৰত অগ্রণী ভূমিকা পালন কৰি আহিছে। সমান্তৰালকৈ তেখেতে সমাজসেৱাৰ জৰিয়তে সামাজিক দায়বদ্ধতাও পালন কৰিছে।
তেখেতলৈ গুৰুজনাৰ নামেৰে আগবঢ়োৱা এই আগশাৰীৰ বঁটা তেখেতৰ অনন্য কৰ্মৰাজি আৰু প্ৰতিভাৰ প্ৰতি এক প্ৰকৃত সন্মান আৰু স্বীকৃতিৰ নিদৰ্শন। পদ্ম বিভূষণ সন্মানেৰে বিভূষিতা সোনাল মানসিং শিল্পী, গুৰু, পণ্ডিত, লেখক, বক্তা, সমাজকৰ্মী, ৰাজ্যসভাৰ প্ৰাক্তন সদস্য আদি বহুমুখী কৰ্মচেতনাৰে পৰিচিত।
/asomiyapratidin/media/media_files/2025/06/12/CFmhhZTaiPADMcQyQIcA.jpg)
ভাৰতীয় পৰিৱেশ্য কলাৰ সাধক আৰু অগ্ৰণী নৃত্য পৰিচালিকা সোনাল মানসিঙে সামাজিক অন্যায়, নাৰী সবলীকৰণ আৰু পৰিৱেশ সুৰক্ষা আদি বিষয়বস্তুৰে সংপৃক্ত ভাৰত নাট্যম আৰু ওডিছী নৃত্যৰ সাধনা আৰু প্ৰদৰ্শনেৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সোনাল মানসিঙৰ পৰিচয় হৈছিল সৰুকালৰ পৰাই।
তেখেতৰ নৃত্যৰ প্ৰতি থকা আগ্রহ লক্ষ্য কৰি পিতৃ-মাতৃয়ে সৰুতে মণিপুৰী নৃত্য শিকোৱাৰ ব্যৱস্থা কৰি দিছিল। প্রধানমন্ত্রী মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ নৱৰত্ন হিচাপে মনোনীত কৰা সোনাল মানসিঙে ২০১৮ চনৰ পৰা ২০২৪ চনলৈ ৰাজ্যসভাৰ সদস্য হিচাপেও কার্যনিৰ্বাহ কৰে।
ভাৰতত তেওঁৰ প্ৰিয় গন্তব্যস্থান, উপাসনাস্থলী মা কামাখ্যা শক্তিপীঠ বুলি প্রায়ে মন্তব্য কৰা সোনাল মানসিঙে শ্রীমন্ত শঙ্কৰদেৱৰ গৰিমাৰে মহিমামণ্ডিত বঁটাটি গ্ৰহণ কৰিবলৈ আজি সেই কামৰূপ-কামাখ্যাৰ পুণ্যভূমিলৈ অহাত আমি আনন্দিত হৈছোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us