বিশিষ্ট বুদ্ধিজীৱি,শিক্ষাবিদ ড০ শিৱনাথ বৰ্মনৰ স্মৃতিচাৰণ সভা

স্মৃতিগ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে সঞ্জীৱ সভাপণ্ডিত,উদ্ধৱ বৰ্মন,চন্দ্ৰ মজিন্দাৰ বৰুৱা,অৱনী বৰঠাকুৰ,কৃতি কমল ভূঞা আদি

author-image
Asomiya Pratidin
New Update
বিশিষ্ট বুদ্ধিজীৱি,শিক্ষাবিদ ড০ শিৱনাথ বৰ্মনৰ স্মৃতিচাৰণ সভা

বিশিষ্ট বুদ্ধিজীৱি,শিক্ষাবিদ ড০ শিৱনাথ বৰ্মনৰ স্মৃতিচাৰণ সভা

ডিজিটেল ডেস্কঃ দেওবাৰে বিশিষ্ট বুদ্ধিজীৱি,শিক্ষাবিদ প্ৰয়াত ড০ শিৱনাথ বৰ্মনৰ বাসগৃহত তেওঁৰ আদ্যশ্ৰাদ্ধ উপলক্ষে পৰিয়ালৰ লোকে এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰে। উল্লেখ্য যে,যোৱা ১৫ ডিচেম্বৰত সন্ধিয়া নেমকেয়াৰ হাস্পাতালত শিক্ষাবিদগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।

Advertisment

স্মৃতিচাৰণ সভা উপলক্ষে ড০ বৰ্মনৰ পৰিয়াল তথা গুণমুগ্ধই এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰে। গ্ৰন্থখন সম্পদনা কৰে প্ৰণৱজ্যোতি ডেকাই। স্মৃতিচাৰণ সভা আৰম্ভ হোৱাৰ প্ৰাক মূহুৰ্তত সভাত উপস্থিত ৰাইজে ড০ বৰ্মনৰ প্ৰতি শ্ৰদ্ধা জনাই ১ মিনিট সময় মৌনতা অৱলম্বন কৰে আৰু তাৰ পাছতে ৰুমা চৌধুৰীয়ে এটি বৰগীত পৰিবেশন কৰি সভাৰ শুভাৰম্ভণী কৰে।

আনহাতে উক্ত অনুষ্ঠানতে স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সঞ্জীৱ সভাপণ্ডিত,উদ্ধৱ বৰ্মন,চন্দ্ৰ মজিন্দাৰ বৰুৱা,অৱনী বৰঠাকুৰ,কৃতি কমল ভূঞা আদি।

উন্মোচনী অনুষ্ঠানত সঞ্জীৱ সভাপণ্ডিত,চন্দ্ৰ মজিন্দাৰ বৰুৱা,অৱনী বৰঠাকুৰ,কৃতি কমল ভূঞাই ড০ বৰ্মনৰ লগত হোৱা বিভিন্ন অভিজ্ঞতাৰ কথা সুঁৱৰি চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত,মনজিত মহন্তকে ধৰি কেইবাগৰাকীও গুণমুগ্ধ উপস্থিত থাকে।

আৰু পঢ়কঃমহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান...

assam guwahati