ডা: সংগীতা দত্তৰ বিলাসী বাহন-ফ্লেটৰ চাবি বিচাৰি আদালতত আত্মীয়...

শিশু নিৰ্যাতনৰ ঘটনাৰে জড়িত ডাঃ সংগীতা দত্তৰ বাহন মোকলাই দিয়াৰ আৰ্জিৰে আদালতত আবেদন।

author-image
Asomiya Pratidin
New Update
ডা: সংগীতা দত্তৰ বিলাসী বাহন-ফ্লেটৰ চাবি বিচাৰি আদালতত আত্মীয়...

ডিজিটেল ডেস্কঃ শিশু নিৰ্যাতনৰ ঘটনাৰে জড়িত ডাঃ সংগীতা দত্তৰ বাহন মোকলাই দিয়াৰ আৰ্জিৰে আদালতত আবেদন। POSCO আইনৰ বিশেষ ন্যায়াধীশৰ আদালতত ডা: সংগীতা দত্তৰ আত্মীয়ই এই আবেদন দাখিল কৰে। শিশু নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰক্ষীয়ে ডা: দম্পত্তিক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাবে জব্দ কৰিছিল এ এছ ০১ অ ডব্লুউ ৭৮৭৯ নম্বৰৰ মাৰ্চিডিজ বাহনখন।

Advertisment

এই জব্দকৃত বাহনখনৰ লগতে ফ্লেটৰ চাবি বিচাৰিও আদালতত আবেদন দাখিল কৰিছে সংগীতা দত্তৰ আত্মীয়ই। পল্টনবজাৰৰ ৰোমা এনক্লেভৰ ফেল্টত আলংকৰিক মাছ, কাছকে আদি কৰি বিভিন্ন প্রজাতীৰ গছ আৰু বহু মূল্যৱান সামগ্রী তথা সোণ, হীৰাৰ অলংকাৰ, বিভিন্ন নথি-পত্র থকাৰ বাবে ঘৰটোৰ চাবি বিচাৰি আবেদন জনাইছে আত্মীয়ই।

এই আবেদন মৰ্মে POSCO আইনৰ বিশেষ ন্যায়াধীশৰ আদালতে তদন্তৰ প্রয়োজন নহ’লে বিলাসী বাহনৰ চাবি সংগীতা দত্তৰ আত্মীয়ক দিয়াৰ নিৰ্দেশ দিছে। সমান্তৰালকৈ তদন্তত প্রয়োজন নহ’লে ফ্লেটৰ চাবিও গতাই দিয়াৰ নিৰ্দেশ আদালতৰ। উল্লেখ্য আদালতে বিলাসী বাহনৰ বিপৰীতে পৰিয়ালৰ লোকক ৫০লাখ টকা আমানত হিচাপে দিয়াৰ নিৰ্দেশ দিছে।

Also Read: ঘূৰাই পাব ছাহাৰাত জমা কৰা টকাঃ গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰিফাণ্ড পৰ্টেল...

dr sangeeta dutta Assam police