ঘূৰাই পাব ছাহাৰাত জমা কৰা টকাঃ গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰিফাণ্ড পৰ্টেল...

ঘূৰাই পাব ছাহাৰাত জমা কৰা টকাঃ গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰিফাণ্ড পৰ্টেল

author-image
Asomiya Pratidin
New Update
ঘূৰাই পাব ছাহাৰাত জমা কৰা টকাঃ গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ৰিফাণ্ড পৰ্টেল...

ডিজিটেল ডেস্কঃ ছাহাৰা ইণ্ডিয়াত জমা ৰখা টকা ঘূৰাই পাব গ্ৰাহকে। মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয়মন্ত্ৰী অমিত শ্বাহে। বিগত কেইবাবছৰৰ আগতে সাঁচতীয়া টকা জমা ৰখাৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংক, ডাকঘৰ আদিৰ সমান্তৰালভাবে পৰিচিত আন এটা নাম আছিল ছাহাৰা ইণ্ডিয়া।

Advertisment

অসমকে ধৰি দেশৰ বহু সংখ্যকলোকে এই ছাহাৰা ইণ্ডিয়া নামৰ টকা জমা ৰখা কৰ্পৰেট প্ৰতিষ্ঠানটোত ভৱিষ্যতৰ বাবে উপাৰ্জনৰ একাংশ টকা জমা ৰাখিছিল। পিছে হঠাৎ বন্ধ হৈ পৰিছিল প্ৰতিষ্ঠানটো। যাৰ বাবে সাধাৰণলোকৰ কঁপালৰ ঘাম মাটিত পেলাই সাঁচি ৰখা টকা উভতাই পোৱা নাছিল দেশৰ লাখ লাখ জনতাই।

২০০৯ চনত এক বিতৰ্কত সাঙোৰ খোৱাৰ পিছতেই বন্ধ হৈ পৰিছিল উক্ত ছাহাৰা ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো। এতিয়া সুদীৰ্ঘ ১৩ বছৰৰ পাছত এই প্ৰতিষ্ঠানটোত জমা ৰখা টকা গ্ৰাহকক উভতাই দিয়াৰ কথা মঙলবাৰে আনুষ্ঠানিক ভাবে ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পাছতেই স্বাভাৱিকতেই আনন্দ জোৱাৰ অনিছে গ্ৰাহকৰ মাজত।

নতুন দিল্লীত এই সন্দৰ্ভত আয়োজন কৰা অনুষ্ঠানত চাহাৰা ৰিফাণ্ড শীৰ্ষক এক পৰ্টেলৰ মুকলি কৰে গৃহমন্ত্ৰীগৰাকীয়ে। পুৱা ১১ বজাত মুকলি কৰা হয় এই ৰিফাণ্ড ৱেবছাইটটো। দেশৰ উচ্চতম ন্যায়ালয়ে চাহাৰা ইণ্ডিয়াক বিনিয়োগকাৰীৰ টকা পৰিশোধ কৰিবলৈ দিয়া ৰায়দানৰ পাছতেই এই ক্ষেত্ৰত গ্ৰাহকৰ সুবিধাৰৰ্থে কেন্দ্ৰীয় চৰকাৰে এই পৰ্টেলৰ ব্যৱস্থা কৰে। এই পৰ্টেলৰ জৰিয়তে টকা ঘূৰাই পাবৰ বাবে আবেদন কৰিব পাৰিব গ্ৰাহকসকলে।

অনুষ্ঠানত ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, 'দেশৰ ভুক্তভোগীৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে দেশৰ বিভিন্ন উচ্চ-পদস্থ বিষয়াৰ সৈতে বৈঠকত বহি উচ্চতম ন্যায়ালয়ক এই সন্দৰ্ভত এক আবেদন দাখিল কৰিছিল। যাৰ ৰায়দান হিচাবে এই গুৰুত্বপূৰ্ণ শুনানি দিয়ে উচ্চতম ন্যায়ালয়ে।'

এই পৰ্টেলৰ সুবিধা অনুসৰি প্ৰথম পৰ্যায়ত ৫ হাজাৰ কোটি টকা দেশৰ ১ কোটি জনতাক উভতাই দিয়া হ'ব বুলি উল্লেখ কৰিছে। এই টকা উভতাই দিয়া প্ৰক্ৰিয়া সমাপ্ত হ'লেই পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপি অন্যান্য কৰ্পৰেট খণ্ড তথা প্ৰতিষ্ঠানত দেশৰ জনতাই টকা জমা কৰি উভতাই নোপোৱাসকলক উভতাই দিয়াৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে।

এই পৰ্টেলত বৰ্তমান প্ৰায় ১ কোটি ৬০ লাখ মানুহে আবেদন কৰিব পাৰিব আৰু এইসকলৰ সম্পূৰ্ণ ধন উভতাই দিয়া হ'ব। আনহাতে প্ৰথম পৰ্যায়ত দেশৰ মুঠ ৪ কোটি জনতাক এই আঁচনিৰ অধিকাৰ দিয়া হ'ব যিয়ে আংশিক টকা উভটাই পাব।

উল্লেখ্য ছাহাৰা ইণ্ডিয়াত সমগ্ৰ দেশৰ কোটি কোটি বিনিয়োগকাৰীৰ ভিতৰত বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ পৰা সৰ্বাধিক সংখ্যক বিনিয়োগকাৰী আছে বুলি তথ্য প্ৰকাশ কৰিছে।

amit shah narendra modi bharatiya janata party