/asomiyapratidin/media/media_files/2025/05/06/M1X1Z0Gqkk5Tc0hmVQe7.jpg)
ডিজিটেল সংবাদ , ধেমাজিঃ চলিত বৰ্ষৰ বিগত ২১ এপ্ৰিলত নিৰ্বাচিত হোৱা ধেমাজি জিলা ক্ৰিকেট সন্হাৰ নৱ নিৰ্বাচিত সভাপতি তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ নেতৃত্বাধীন নৱনিৰ্বাচিত সমিতিখনে আনুষ্ঠানিকভাৱে মঙ্গলবাৰে দায়িত্বভাৰ গ্ৰহন কৰে ৷
দায়িত্বভাৰ গ্ৰহনৰ পিছতেই বিয়লি ৩ বজাত ধেমাজি খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ সভাকক্ষত নৱ নিৰ্বাচিত সভাপতি তথা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা ক্ৰিকেট সন্হাৰ সাধাৰণ সম্পাদক দিগন্ত হাজৰিকাই ৷ সভাত জিলা ক্ৰিকেট সন্হাৰ ন-পুৰনি বিষয়ববীয়া সকলৰ
সৈতে জিলাখনত ক্ৰিকেট উন্নয়নৰ দিশত কৰিব লগীয়া সমস্যাবোৰ সম্পৰ্কে বহলভাৱে আলোচনা কৰা হয়।
সভাত জিলা ক্ৰিকেট সন্হাৰ এখনি ষ্টেডিয়াম , খেলুৱৈ সকলৰ অনুশীলনৰ বাবে প্ৰশিক্ষক আনি তেওঁলোকৰ বাবে পাৰিতোষিক দিয়া ব্যৱস্থা কৰা , ধেমাজি ক্ৰিকেট একাডেমীখন কাৰ্য্যক্ষম কৰা , এখনি ক্ৰিকেট ষ্টেডিয়াম , ধেমাজি নগৰত ক্ৰিকেট খেলুৱৈ সকলে যিকোনো সময়তে প্ৰেক্টিছ কৰিব পৰাকৈ সুবিধাজনক ঠাই ব্যৱস্থাকে ধৰি ক্ৰিকেট খেলৰ বাবে বছেৰেকীয়া পৰিকল্পনা কথাও আলোচনা কৰে ৷
সভাত ধেমাজি জিলা ক্ৰিকেট সন্হাৰ প্ৰাক্তন সভাপতি ঘনকৃষ্ণ বৰগোহাঁই , জিলা ক্ৰীড়া সন্হাৰ সম্পাদক যতীন বুঢ়াগোঁহাই ,জিলা ক্ৰিকেট সন্হাৰ সম্পাদক দিগন্ত হাজৰিকা ,স জিলা ক্ৰিকেট সন্হাৰ নৱ নিৰ্বাচিত উপ সভাপতিদ্বয় ৰাজীৱ দিহিঙ্গীয়া আৰু নিৰঞ্জন দেউৰী , জ্যেষ্ঠ ক্ষীৰোড দিহিঙ্গীয়া , মোলান গোহাঁই , কৃষ্ণ বৰদলৈ , নৱ নিৰ্বাচিত যুটীয়া সম্পাদক নিলিমজ্যোতি গগৈ , লেখন লাগাছু , ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা ধৰি বহু কেইগৰাকীয়ে বক্তব্য ৰাখে ৷
সভাত ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ , লক্ষী গগৈ, সাংবাদিকদ্বয় প্ৰেমানন্দ তালুকদাৰ আৰু হৰেন্দ্ৰ নাথ শৰ্মাকে ধৰি জিলা খনৰ ক্ৰিকেট সন্হাৰ ন-পুৰনি বিভিন্ন বিষয়ববীয়া সকলে উপস্থিত থাকে ৷ সভাৰ শেষত মন্ত্ৰী তথা ক্ৰিকেট সন্হাৰ নৱনিৰ্বাচিত সভাপতি ডাঃ পেগুৱে বক্তব্যত জিলা ক্ৰিকেট সন্হাৰ বাবে ধেমাজি হাতীগড়
পঞ্চায়তৰ দেউৰীবিলত থকা ২৫ বিঘা মাটি আৱন্টৱন পাবৰ বাবে জিলা আয়ুক্তৰলৈ প্ৰস্তাৱ প্ৰেৰণকে ধৰি ধেমাজি নগৰৰ কোলাপথাৰত থকা ষ্টেডিয়ামটো শীঘ্ৰেই পৰ্য্যায়ক্ৰমে কাৰ্য্যক্ষম কৰি তোলাৰ আশ্বাস দি বক্তব্য ৰাখে ৷