চিলাপথাৰত কাঠভৰ্তি বাহন জব্দ...

চিলাপথাৰত কাঠভৰ্তি বাহন জব্দ...

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত কাঠভৰ্তি বাহন জব্দ...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাম্বোক আৰক্ষী টহলদাৰী চকীৰ দলে শুকুৰবাৰে মাজনিশা জব্দ কৰে খয়েৰ কাঠ ভৰ্তি ট্ৰাক৷ কাঠ ভৰ্তি ট্ৰাকখনৰ নম্বৰ হ'ল UP 61 AT 7527। ইতিমধ্যে দুজন লোকক আৰক্ষীয়ে আটক কৰিছে ৷

Advertisment

অৰুণাচল প্ৰদেশ পৰা শিৱসাগৰ হৈ মহাৰাষ্ট্ৰলৈ নি থকা অৱস্থাত বগীবিল দলঙৰ সমীপত আৰক্ষীযে জব্দ কৰে খয়েৰ কাঠ ভৰ্তি ট্ৰাকখন ৷ নগালেণ্ডৰ কাঠ ভৰ্তি ট্ৰাকখন আহি ধেমাজি জিলাৰ চিলাপথাৰত কেনেকৈ উপস্থিত হ'ল ৰাইজৰ মাজত চৰ্চা চলিছে ৷

ট্ৰাকখনত ২৫ হাজাৰ কেজি কাঠ থকা বুলি বন বিভাগে উল্লেখ কৰিছে।অৱশ্যে তদন্তৰ খাতিৰত ঘটনাৰ বিতং তথ্য আৰক্ষীয়ে ৰাজহুৱা কৰিব বিচৰা নাই। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে ট্ৰাকখন বন বিভাগক চমজাই দিছে। আটকাধীন ট্ৰাকৰ দুই কৰ্মচাৰীক সোধা পোছা অৱ্যাহত ৰাখিছে।

ইপিনে বিভাগৰ চৰম হেমাহিৰ সুবিধা লৈ জিলাখনত দীৰ্ঘদিন পৰাই এক সক্ৰিয় চক্ৰই কাঠৰ চিণ্ডিকেট চলাই অহা বুলি অভিযোগ কৰি ঘটনাৰ তদন্তৰ দাবী কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ উপ সভাপতি ৰুদ্ৰ ভূঞাৰ ৷

Also Read: তামুলপুৰত জিলাভিত্তিক যোগ প্ৰতিযোগিতা সম্পন্ন...

FOREST DEPARTMENT silapathar wood smugling