বিশিষ্ট সাহিত্যিক সত্ৰীয়া সংস্কৃতিৰ গৱেষক পণ্ডিত ড° নিৰুপমা মহন্তক শিৱসাগৰৰ খাটপাৰ সত্ৰ পৰিচালনাৰ দায়িত্ব...

ড° নিৰুপমা মহন্তক শিৱসাগৰৰ খাটপাৰ সত্ৰ পৰিচালনাৰ দায়িত্ব
ড° নিৰুপমা মহন্তক শিৱসাগৰৰ খাটপাৰ সত্ৰ পৰিচালনাৰ দায়িত্ব

ডিজিটেল ডেস্কঃ শুকুৰবাৰে শিৱসাগৰৰ বৰ খাটপাৰ সত্ৰত আজিৰ অনুষ্ঠানটো প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী লীলাকান্ত মহন্তদেৱৰ এবছৰীয়া শ্ৰাদ্ধত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ মৃত্যুৰ পাছত তেখেতৰ ভাতৃ শিল্পী জিতেন মহন্তক সত্ৰাধিকাৰ ৰূপে নিৰ্মালী অৰ্পণ কৰা হয়। লগতে নৱ নিৰ্বাচিত সত্ৰাধিকাৰ তথা শিষ্য প্ৰশিষ্য আৰু ৰাইজৰ অনুৰোধত বিশিষ্ট গৱেষক, সাহিত্যিক, সত্ৰীয়া সংস্কৃতিৰ বিশাৰদ ড° নিৰুপমা মহন্তক শিৱসাগৰৰ বৰখাটপাৰ সত্ৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে।

অধ্যাপক ননীগোপাল মহন্তই আঁত ধৰা আজিৰ অনুষ্ঠানটোত সংগীত নাটক বঁটা বিজয়ী সত্ৰাধিকাৰ ৰেৱকান্ত মহন্ত, সত্ৰীয়া পণ্ডিত, সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত,মুক্তানাথ মহন্ত, শংকৰী সংকৃতিৰ সাধক হিৰু মহন্ত ,সুৰেন মহন্ত ,ধৰ্মাচাৰ্য অৰুপানন্দ মহন্ত প্ৰমুখ্যে বহুকেইজন সত্ৰাধিকাৰ উপস্থিত থাকে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ড° নিৰুপমা মহন্তই কয় যে, পূৰ্বেও আই কনকলতা, আই পদ্মাৱতী ইত্যাদিয়ে সত্ৰ পৰিচালনা কৰি যুগান্তকাৰী ইতিহাস সৃষ্টি কৰি গৈছে। লগতে তেখেতে সত্ৰখন সুচাৰুৰূপে পৰিচালনা কৰি আগবাঢ়ি যাম বুলি কয়।

সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই ড° নিৰুপমা মহন্তক সত্ৰীয়া সংস্কৃতিৰ ব্যাপক জ্ঞান থকা এগৰাকী বিদূষী মহিলা বুলি অভিহিত কৰে। সত্ৰ সংস্কৃতিৰ বিশেষজ্ঞ সত্ৰাধিকাৰ হিৰু মহন্তই বিভিন্ন অৱদান স্মৰণ কৰে । এইখিনিতে উল্লেখ কৰিব পাৰি ড° নিৰুপমা মহন্তই সত্ৰীয়া নৃত্যৰ আহাৰ্য সম্পৰ্কে বিশেষ অধ্যয়ন কৰি বহুখিনি কাম কৰি থৈ গৈছে। তেখেতৰ নেতৃত্বত পুৰী-বৃন্দাবন-বাংগালোৰ-মুম্বাই আদিত বিভিন্ন অংকীয়া নাট আৰু ঝুমুৰা প্ৰদৰ্শিত হৈছে।

ড° নিৰুপমা মহন্তই সত্ৰীয়া সংস্কৃতি বিষয়ক বহুখিনি গ্ৰন্থ ৰচনা কৰাৰ উপৰিও নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীৰ মাজত সত্ৰীয়া সংস্কৃতি প্ৰসাৰৰ বাবে অহৰহ প্ৰচেষ্টা হাতত লৈ আহিছে।আই পদ্মপ্ৰিয়া,আই কনকলতাৰ জীৱনভিত্তিক উপন্যাসৰ লগতে তেখেতে বহুকেইখন সাহিত্য গ্ৰন্থ ৰচনা কৰিছে। আদৰ্শ মাতৃ বঁটাৰ লগতে ড° মহন্তই অন্যান্য বহু বঁটা-সন্মান লাভ কৰিছে।

ড° নিৰুপমা মহন্তৰ দৰে যোগ্য প্ৰতিভাৱান এগৰাকী নাৰীয়ে সত্ৰ পৰিচালনাৰ দায়িত্ব লাভ সত্ৰীয়া সংস্কৃতিৰ বাবে এটি ভাল খবৰ। সত্ৰীয়া সংস্কৃতিত মহিলাৰ স্থান উৰ্ধগামী হোৱাত এই সিদ্ধান্তই নিশ্চিতভাৱে অৱদান যোগাব। আজিৰ অনুষ্ঠানতে শ্ৰী অৰূপ মহন্তক ডেকা সত্ৰাধিকাৰ আৰু তীৰ্থ মহন্তক লৰী সত্ৰাধিকাৰ নিযুক্তি দিয়া হয়।। বহুকেইজন সত্ৰীয়া পণ্ডিত, ভকত-বৈষ্ণৱ উপস্থিত থাকি অনুষ্ঠানটো গম্ভীৰ কৰি তোলে।

ড° নিৰুপমা মহন্তক শিৱসাগৰৰ খাটপাৰ সত্ৰ পৰিচালনাৰ দায়িত্ব
৮৩ গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু বাৰ্ষিকী পালন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in